NORTHEAST NOW (Assamese)

উইলত পোহনীয়া জন্তু, ৰান্ধনী-সহায়কৰো নাম; সম্পত্তিৰ অংশীদাৰ হিচাপে কাৰ কাৰ নাম লিখিছে ৰতন টাটাই?

October 26, 2024 11:02 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ৯ অক্টোবৰত কিছুদিন অসুস্থতাৰ অন্তত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত তাৰ পূৰ্বৰ কেইদিনমান ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। দেশৰ উদ্যোগিক আৰু ৰাজনৈতিক মহলে টাটাৰ মৃত্যুত শোকতপ্ত। দেশৰ বিশিষ্ট ব্যক্তিসকলে তেওঁৰ বিষয়ে স্মৰণ কৰিছে। শিল্প জগতত মহীৰুহৰ মৃত্যুৰ পিছৰে পৰা কৌতুহল আছিল, তেওঁৰ বিশাল সম্পত্তিৰ কি হ’ব?

এইবাৰ তেওঁৰ উইলৰ তথ্য পোহৰলৈ আহিল। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰতন টাটাই তেওঁৰ উইলত তেওঁৰ প্ৰিয় পোহনীয়া জন্তু জাৰ্মান শ্বেফাৰ্ড টিটোৰ কথা উল্লেখ কৰিছে। ইয়াত কি কোৱা হৈছে? জনা যায় যে টিটোৰ সীমাহীন যত্নৰ যাতে কোনো অভাৱ নহয় সেইকথা তেওঁ তাত উল্লেখ কৰিছে।

লগতে পঢ়কঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বাবে ভাৰতৰ দল ঘোষণা, বাদ পৰিল ছামী; কোনে কোনে পালে সুযোগ?

কিন্তু কেবল টিটোৰ কথাইনে? মুঠেও নহয়। মৰমৰ পোহনীয়া জন্তুটোৰ লগতে টাটাই ভাৱিছে বহুদিনীয়া সংগীসকলৰ কথা। তেওঁৰ অনুপস্থিতিত তেওঁৰ লগত থকাসকলৰ কি হ’ব? সেই কথা মনত ৰাখিয়েই তেওঁৰ শেষ বয়সৰ সংগী তথা প্ৰিয় বন্ধু শান্তনু নাইডুক সম্পত্তিৰ অংশীদাৰ হিচাপে নাম ৰাখিছে। সহায়ক আৰু ৰান্ধনীৰ কথাও লিখিছে।

অনুমান কৰা হৈছে যে টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ সম্পত্তিৰ মূল্য কমেও ১০ হাজাৰ কোটি টকা। জানিব পৰা মতে, উইলখনত ভাতৃ জিমি টাটা, সতীয়া ভগ্নী শ্বিৰিন আৰু ডিয়ানাৰ কথাও উল্লেখ আছে।

পাঁচ-ছয় বছৰ পূৰ্বে ৰতন টাটাৰ সংগী হৈছিল তেওঁৰ পোহনীয়া জন্তু টিটো। তেতিয়াৰ পৰা টিটোৰ চোৱাচিতা কৰে ৰান্ধনি ৰাজনে। আনহাতে, উইলত প্ৰায় তিনিটা দশকৰ সংগী, পৰিচাৰক চুব্বিয়াৰ কথাও কৈ গৈছে । নাইডুৰ ষ্টাৰ্টআপ ‘গুডফেলোছ’ত যেনেকৈ নিজৰ অংশ এৰি দিছে, তেনেকৈ শান্তনুৰ বিদেশত পঢ়াৰ সকলো খৰচ নিজৰ অংশৰ পৰাই পৰিশোধ কৰিছে।

লগতে পঢ়কঃ ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ ইজৰাইলৰ; তেহৰাণৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰ বৰ্ষণ

টাটা ছন্সৰ অংশীদাৰিত্বৰ পৰা উপাৰ্জন কৰা ধনৰ অধিকাংশই দাতব্য কামত দান কৰিছিল ৰতন টাটাই। ইয়াৰ উপৰিও তেওঁৰ অলা, পেটিএমৰ দৰে কোম্পানীত বিনিয়োগ আছিল। তেওঁৰ সংগ্ৰহত কেইবাখনো বিলাসী গাড়ী আছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে টাটা নেনো। যিটো আছিল তেওঁৰ মস্তিস্কপ্ৰসূত। ইয়াৰ উপৰিও আছে টাটা নেক্সন, মাৰ্চিডিজ বেঞ্জ, লেণ্ড ৰভাৰ, কেডিলাক, চেভ্ৰলেট, হোণ্ডা চিভিক আদি। তেওঁ  জীৱনত শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ন আৰু সামাজিক খণ্ডত কমেও ৯ হাজাৰ কোটি টকা দান কৰিছে।

Related News