NORTHEAST NOW (Assamese)

ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা; আৰোগ্যৰ হাৰ ৯৭.৪৫ % লৈ বৃদ্ধি

November 14, 2020 9:26 am · এন ই নাও নিউজ

অসমত ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত সম্পন্ন হোৱা ২৬৩৪৪ টা কোভিড পৰীক্ষাৰ ভিতৰত মাত্ৰ ২৩৩ গৰাকী লোক প’জিটিভ হয়।

আনহাতে, শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ৬৪২ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ নিজ গৃহলৈ উভতি যায়।

অসমত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৭.৪৫ শতাংশলৈ বৃদ্ধি পায়।

শুকুৰবাৰে ৰাজ্যত এগৰাকী ক’ৰ’না আক্ৰান্ত লোকৰ মৃত্যু হয়। মৃত্যু হোৱা ব্যক্তিগৰাকী হৈছে কামৰূপ মহানগৰ জিলাৰ গোপাল চন্দ্ৰ দাস (৭০)।

অসমত বৰ্তমানলৈ মুঠ ২১০০৬৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ২০৪৭১৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈছে।

বৰ্তমান ৰাজ্যত ৪৩৮৯ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Related News