• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নলবাৰীত কংগ্ৰেছত তীব্ৰ জোকাৰণি; অশোক শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদানক লৈ ক্ষুব্ধ ৰাতুল কলিতাসহ ২০ গৰাকী নেতাৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 9:09 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছত টিকট বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অসন্তুষ্টিয়ে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। দলীয় নেতৃত্বৰ বিৰুদ্ধে একনায়কত্ববাদ আৰু সাধাৰণ কৰ্মীক অৱহেলা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শনিবাৰে নলবাৰীত কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই। নিজ বাসগৃহত আয়োজিত এখন সংবাদমেলত কলিতাই আনুষ্ঠানিকভাৱে দলত্যাগৰ কথা ঘোষণা কৰে। তেওঁৰ লগতে নলবাৰীৰ আন ২০ গৰাকীৰো অধিক জ্যেষ্ঠ নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ ফলত আগন্তুক নিৰ্বাচনৰ পূৰ্বে জিলাখনত কংগ্ৰেছ দলে এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

২০ বছৰৰো অধিক সময় কংগ্ৰেছৰ সৈতে জড়িত থকা ৰাতুল কলিতাই সংবাদমেলত আৱেগিক হৈ পৰে। দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ কয় যে সাধাৰণ ঘৰৰ ল‘ৰা হোৱাৰ বাবেই তেওঁলোকক কংগ্ৰেছৰ ডাঙৰ নেতাসকলে গুৰুত্ব নিদিয়ে। দলত কেৱল মন্ত্ৰী বা ৰজাঘৰৰ ল‘ৰাইহে গুৰুত্ব লাভ কৰে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। কলিতাই স্পষ্ট কৰে যে দলৰ একেবাৰে দুৰ্যোগপূৰ্ণ সময়ৰ পৰাই তেওঁ কংগ্ৰেছৰ হৈ নিষ্ঠাৰে কাম কৰি আহিছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও জ্যেষ্ঠ নেতা প্ৰদ্যুৎ কুমাৰ ভূঞাই প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাত তেওঁ দলৰ স্বাৰ্থত আঁতৰি আহিছিল। পৰৱৰ্তী সময়তো তেওঁ আৱেদন কৰিছিল যদিও দলে দ্বীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰে। এইবাৰো তেওঁ টিকট বিচাৰিছিল যদিও দলে তেওঁক পুনৰ বঞ্চিত কৰে।

Apply Now

অৱশ্যে, টিকটৰ পৰা বঞ্চিত হোৱাতকৈয়ো দলীয় নেতৃত্বৰ অৱহেলাইহে তেওঁক অধিক মৰ্মাহত কৰে বুলি কলিতাই মন্তব্য কৰে। তেওঁ জানিবলৈ দিয়া মতে, প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত ৯০ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো দলৰ কোনো এজন শীৰ্ষ নেতাই তেওঁৰ খবৰ লোৱা নাছিল। অৱশেষত সংবাদমেল আয়োজন কৰাৰ খবৰ পাই নেত্ৰী মীৰা বৰঠাকুৰে ফোন কৰি তেওঁক দলত্যাগ নকৰিবলৈ আহ্বান জনাইছিল। বৰঠাকুৰে তেওঁক বয়স আৰু সময় হাতত থকাৰ যুক্তি দি বুজনি দিয়াৰ প্ৰসংগ টানি কলিতাই প্ৰশ্ন কৰে যে যদি তেওঁৰ সময় আছে, তেন্তে তাঞ্জিল হুছেইন বা প্ৰতীক বৰদলৈ আদিৰ দৰে নেতাৰ বয়সৰ সীমা ক‘ত গ‘ল?

নলবাৰী সমষ্টিত শেহতীয়াকৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাক টিকট প্ৰদান কৰা কাৰ্যকো ৰাতুল কলিতাই তীব্ৰ সমালোচনা কৰে। তেওঁ মুকলিকৈ অভিযোগ কৰে যে প্ৰকৃত কংগ্ৰেছ কৰ্মীয়ে টিকট নাপায়, বৰঞ্চ বিজেপিৰ প্ৰত্যাখ্যাত নেতাসকলেহে কংগ্ৰেছত টিকট লাভ কৰে। অশোক শৰ্মাক এজন কট্টৰ আৰ এছ এছ নেতা বুলি অভিহিত কৰি তেওঁ কয় যে পূৰ্বে নিজৰ দল বিজেপিকো শৰ্মাই প্ৰৱঞ্চনা কৰিছিল। ভূমি বেদখলকে ধৰি বিভিন্ন কেলেংকাৰীৰ অভিযোগ থকা এজন নেতাই কেনেদৰে টিকট লাভ কৰিলে, সেই লৈ কলিতাই কংগ্ৰেছৰ সভাপতি তথা শীৰ্ষ নেতৃত্বৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। লগতে, পূৰ্বে ৰাজীৱ ভৱনৰ সন্মুখত আৰক্ষী বিষয়া মৃণাল ডেকাৰ হাতত তেওঁ প্ৰহৃত হোৱা ঘটনাৰ সময়তো দলৰ সভাপতি বা আন কোনো নেতাই তেওঁৰ খবৰ নোলোৱাৰ আক্ষেপ সংবাদমেলত প্ৰকাশ কৰে।

ৰাতুল কলিতাৰ এই সংবাদমেলৰ সময়ত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। তেওঁৰ প্ৰতি সমৰ্থন জনাই সমবেত হোৱা ২০ গৰাকীৰো অধিক জ্যেষ্ঠ নেতা-কৰ্মীয়ে একেলগে কংগ্ৰেছ ত্যাগৰ ঘোষণা কৰে। দলীয় নেতৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টিৰে কংগ্ৰেছৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্ক ছেদ কৰা ৰাতুল কলিতাই অৱশ্যে তেওঁৰ ভৱিষ্যতৰ ৰাজনৈতিক যাত্ৰা বা অন্য কোনো দলত যোগদান কৰাৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd