ভাং খাই নিগনিয়ে ফচাই দিলে আৰক্ষীক; সাৰি গ’ল অপৰাধী! ঘটনাটো কি জানিবলৈ পঢ়ক… 

ঝাৰখণ্ডত সংঘটিত হৈছে এক আচৰিত ঘটনা। ভাং খাই নিগনিয়ে বিপদত পেলাইছে ঝাৰখণ্ড আৰক্ষীক।

গোচৰৰ প্ৰমাণ হিচাপে জব্দ কৰা ১০ কেজি ভাং খাই পেলাইছে নিগনিয়ে । শেহতীয়াকৈ ঝাৰখণ্ডৰ ধনবাদ জিলাত এই ঘটনা সংঘটিত হৈছে।

২০১৮ চনৰ ১৪ ডিচেম্বৰত ৰাজগঞ্জ থানা আৰক্ষীয়ে ১০ কেজি ভাং জব্দ কৰি সেই গোচৰত শম্ভু প্ৰসাদ আগৰৱালা নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে। থানাত তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

এই গোচৰৰ শুনানি চলি আছিল ঝাৰখণ্ডৰ নিম্ন আদালতত। বিচাৰৰ সময়ত আদালতে গোচৰৰ তদন্তকাৰী বিষয়া জয়প্ৰকাশ প্ৰসাদক জব্দ কৰা ভাং আদালতৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনা লাভ কৰাৰ পিছত আৰক্ষীয়ে যোৱা শনিবাৰে ন্যায়াধীশ ৰাম শৰ্মাক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে।

বিষয়াগৰাকীয়ে তেওঁৰ প্ৰতিবেদনত কয় যে নিগনিয়ে থানাৰ মালখানা (গুদাম)ত মজুত থকা ভাং সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। 

ইপিনে আৰক্ষীয়ে জব্দ কৰা প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবে অভিযুক্তৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ ক্লায়েণ্টক ভুৱা গোচৰত ফ্ৰেমৱৰ্ক কৰা হৈছে। গতিকে সোনাকালে তেওঁৰ ক্লায়েন্টক এই গোচৰৰ পৰা মুক্তি দিব লাগে।

ইপিনে নিগনিয়ে ভাংখিনি খাই নষ্ট কৰাৰ বাবে বিপাঙত পৰিছে আৰক্ষী। কষ্টেৰে আৰক্ষীয়ে জালত পেলোৱা অপৰাধী সাৰি যোৱাৰ বাট মুকলি হোৱা দেখি মূৰে কপালে হাত দিছে ঝাৰখণ্ডৰ ৰাজগঞ্জ থানা আৰক্ষীয়ে।