• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এণ্ডাৰছনক পিছলৈ ঠেলি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অশ্বিন: পিছুৱালে ৰোহিত-কোহলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 3:59 pm
Ravichandran Ashwin
150
VIEWS
Share on FacebookShare on Twitter

আইচিচি ৰেংকিঙত আন এক বিভাগত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয়ই। এইবাৰ আইচিচিৰ টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত শীৰ্ষস্থান আৰোহণ কৰিছে তাৰকা অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। ইংলেণ্ডৰ তাৰকা পেচাৰ জেমছ এণ্ডাৰছনক অপসাৰণ কৰি শীৰ্ষস্থানত উপনীত হৈছে অশ্বিন।

চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অশ্বিনে ৬টা উইকেট দখল কৰিছিল। এই প্ৰদৰ্শনৰ সুবাদত অশ্বিন ৰেংকিঙৰ শীৰ্ষস্থানীয় বলাৰ হিচাপে পৰিগণিত হয়। আনহাতে ৱেলিংটনত নিউজিলেণ্ডৰ বিপক্ষে ইংলেণ্ডৰ পৰাজয়ৰ পিছত এণ্ডাৰছন দ্বিতীয় স্থানলৈ অৱনমিত হয়।

উল্লেখ্য যে, টেষ্ট কেৰিয়াৰত অশ্বিনে প্ৰথমবাৰৰ বাবে ২০১৫ চনত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ৩৬ বৰ্ষীয় স্পিন তাৰকাগৰাকীয়ে চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাকী দুখন টেষ্টত দ্বিতীয় স্থানত থকা এণ্ডাৰছনতৈ পইণ্ট ব্যৱধান বৃদ্ধি কৰি শীৰ্ষ স্থান অক্ষুণ্ণ ৰখাৰ সুযোগ পাব।

তালিকাত অশ্বিন, এণ্ডাৰছনৰ পিছতে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। ইফালে, ২০২২ চনৰ আগষ্ট মাহৰ পৰা আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ভাৰতৰ তাৰকা পেচাৰ জছপ্ৰিত বুমৰাহ চতুৰ্থ স্থানলৈ উন্নীত হৈছে।

পাকিস্তানৰ শ্বাহীন আফ্ৰিদী আৰু ইংলেণ্ডৰ অলি ৰবিনছন ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থানত আছে। আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাৰ দুয়োখন টেষ্টতে ভাৰতৰ জয়ৰ নায়ক ৰবীন্দ্ৰ জাদেজা বলাৰ ৰেংকিঙত অষ্টম স্থানলৈ উন্নীত হৈছে। আইচিচি টেষ্ট অল-ৰাউণ্ডাৰ ৰেংকিঙতো জাদেজাই শীৰ্ষস্থান অটুট ৰাখিছে। এই তালিকাত দ্বিতীয় স্থানত আছে অশ্বিন।

টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত ভাৰতীয় খেলুৱৈৰ উত্থানৰ বিপৰীতে বেটিং ৰেংকিঙত ভাৰতৰ খেলুৱৈৰ অৱনমন ঘটিছে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা শেহতীয়া ৰেংকিঙত নৱম স্থানলৈ অৱনমিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত খেলপথাৰৰ বাহিৰত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট দুটা স্থান পিছুৱাই অষ্টম স্থানলৈ অৱনমিত হয়।

আনহাতে প্রাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীও ষষ্ঠদশ স্থানলৈ পিছুৱাই আহিছে৷ সীমিত অভাৰৰ ফৰ্মেটত ফৰ্মলৈ ঘূৰিলেও টেষ্ট ক্ৰিকেটত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰাত ধাৰবাহিকভাৱে ব্যৰ্থ হোৱা কোহলীয়ে ২০১৯ চনৰ নৱেম্বৰতে খেলিছিল টেষ্টৰ অন্তিমটো শতকীয় ইনিংছ। চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো ৫ ইনিংছত মাত্ৰ ৯৮ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে।

আজি ঘোষিত আইচিচিৰ ৰেংকিঙত বেটাৰ তালিকাত অষ্ট্ৰেলিয়ান তাৰকাদ্বয় মাৰ্নাছ লাবুশ্বেন আৰু ষ্টিভ স্মিথে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

Recent News

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd