• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

এণ্ডাৰছনক পিছলৈ ঠেলি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অশ্বিন: পিছুৱালে ৰোহিত-কোহলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 3:59 pm
Ravichandran Ashwin
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইচিচি ৰেংকিঙত আন এক বিভাগত শীৰ্ষস্থান দখল কৰিছে ভাৰতীয়ই। এইবাৰ আইচিচিৰ টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত শীৰ্ষস্থান আৰোহণ কৰিছে তাৰকা অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। ইংলেণ্ডৰ তাৰকা পেচাৰ জেমছ এণ্ডাৰছনক অপসাৰণ কৰি শীৰ্ষস্থানত উপনীত হৈছে অশ্বিন।

চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অশ্বিনে ৬টা উইকেট দখল কৰিছিল। এই প্ৰদৰ্শনৰ সুবাদত অশ্বিন ৰেংকিঙৰ শীৰ্ষস্থানীয় বলাৰ হিচাপে পৰিগণিত হয়। আনহাতে ৱেলিংটনত নিউজিলেণ্ডৰ বিপক্ষে ইংলেণ্ডৰ পৰাজয়ৰ পিছত এণ্ডাৰছন দ্বিতীয় স্থানলৈ অৱনমিত হয়।

Apply Now

উল্লেখ্য যে, টেষ্ট কেৰিয়াৰত অশ্বিনে প্ৰথমবাৰৰ বাবে ২০১৫ চনত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ৩৬ বৰ্ষীয় স্পিন তাৰকাগৰাকীয়ে চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাকী দুখন টেষ্টত দ্বিতীয় স্থানত থকা এণ্ডাৰছনতৈ পইণ্ট ব্যৱধান বৃদ্ধি কৰি শীৰ্ষ স্থান অক্ষুণ্ণ ৰখাৰ সুযোগ পাব।

তালিকাত অশ্বিন, এণ্ডাৰছনৰ পিছতে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। ইফালে, ২০২২ চনৰ আগষ্ট মাহৰ পৰা আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ভাৰতৰ তাৰকা পেচাৰ জছপ্ৰিত বুমৰাহ চতুৰ্থ স্থানলৈ উন্নীত হৈছে।

পাকিস্তানৰ শ্বাহীন আফ্ৰিদী আৰু ইংলেণ্ডৰ অলি ৰবিনছন ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থানত আছে। আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাৰ দুয়োখন টেষ্টতে ভাৰতৰ জয়ৰ নায়ক ৰবীন্দ্ৰ জাদেজা বলাৰ ৰেংকিঙত অষ্টম স্থানলৈ উন্নীত হৈছে। আইচিচি টেষ্ট অল-ৰাউণ্ডাৰ ৰেংকিঙতো জাদেজাই শীৰ্ষস্থান অটুট ৰাখিছে। এই তালিকাত দ্বিতীয় স্থানত আছে অশ্বিন।

টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত ভাৰতীয় খেলুৱৈৰ উত্থানৰ বিপৰীতে বেটিং ৰেংকিঙত ভাৰতৰ খেলুৱৈৰ অৱনমন ঘটিছে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা শেহতীয়া ৰেংকিঙত নৱম স্থানলৈ অৱনমিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত খেলপথাৰৰ বাহিৰত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট দুটা স্থান পিছুৱাই অষ্টম স্থানলৈ অৱনমিত হয়।

আনহাতে প্রাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীও ষষ্ঠদশ স্থানলৈ পিছুৱাই আহিছে৷ সীমিত অভাৰৰ ফৰ্মেটত ফৰ্মলৈ ঘূৰিলেও টেষ্ট ক্ৰিকেটত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰাত ধাৰবাহিকভাৱে ব্যৰ্থ হোৱা কোহলীয়ে ২০১৯ চনৰ নৱেম্বৰতে খেলিছিল টেষ্টৰ অন্তিমটো শতকীয় ইনিংছ। চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো ৫ ইনিংছত মাত্ৰ ৯৮ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে।

আজি ঘোষিত আইচিচিৰ ৰেংকিঙত বেটাৰ তালিকাত অষ্ট্ৰেলিয়ান তাৰকাদ্বয় মাৰ্নাছ লাবুশ্বেন আৰু ষ্টিভ স্মিথে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd