NORTHEAST NOW (Assamese)

কৰ’না ৰোগী বৃদ্ধিৰ মাজতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এক ভাল খবৰ

May 28, 2020 9:30 pm · কল্পজ্যোতি শইকীয়া
Updated: May 28, 2020 9:51 pm
হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

ৰাজ্যত অপ্ৰতিৰোধ্য ণাৰ মাজতে অন্য এক ভাল খবৰ।

আজি ৰাজ্যত ণামুক্ত হৈছে ১৬গৰাকী লোক। চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে এই ১৬গৰাকী লোকক।

ইয়াৰে ১৫গৰাকীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা আৰু এগৰাকীক শিলচৰ মেডিকেল কলেজৰ পৰা যাবলৈ দিয়া হৈছে।

এই ১৬গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগী ৭৪০লৈ হ্ৰাস পালে।

ৰাজ্যত এতিয়ালৈকে ১০৩গৰাকী লোক ণা মুক্ত হৈছে।

তেওঁলোকৰ  দুটাকৈ পৰীক্ষাৰ অন্তত দুয়োটাতে ফলাফল নিগেটিভ অহাত তেওঁলোক ণামুক্ত বুলি ঘোষণা কৰে চিকিৎসকে।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোতো ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH পৰা।

দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে GMCH কনিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছে।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৭৩ গৰাকী লোক এই কোভিড১৯+ আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ৮৫০ অতিক্ৰম কৰাত সকলো আতংকিত হৈ আছে  যদিও ১৬ গৰাকীকৈ ৰোগী ণামুক্ত হোৱাটোৱে কিছু পৰিমানে সুখৰ বতৰা কঢ়িয়াই আনিছে।

Related News