NORTHEAST NOW (Assamese)

হঠাতে অসমৰ এই বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে RBIয়ে; আপোনাৰো একাউণ্ট আছিল নেকি?

July 25, 2024 11:47 am · এন ই নাও নিউজ, গুৱাহাটী

আৰ বি আই (ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই) আন এক ডাঙৰ পদক্ষেপ ল’লে।  বুধবাৰে আৰ বি আইয়ে জনায় যে আৰ্থিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে অসমৰ তেজপুৰস্থিত মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

ইফালে এই অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পিছতে উক্ত কো-অপাৰেটিভ বেংকটোৱে ২০২৪ চনৰ ২৪ জুলাই অৰ্থাৎ বুধবাৰে দিনটোত ব্যৱসায় বন্ধ হোৱাৰ পিছৰে পৰা বেংকিং ব্যৱসায় বন্ধ কৰি দিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিযোগে কয় যে তেওঁলোকে অসমৰ কো-অপাৰেটিভ ছচাইটিৰ পঞ্জীয়কক বেংকটো বন্ধ কৰাৰ আৰু লিকুইডেটৰ নিযুক্তিৰ আদেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়কঃ সংসদত থিয় হৈ ‘অসংসদীয়’ কটুক্তি; কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিৎ গংগোপাধ্যায়

এই সন্দৰ্ভত প্ৰকাশিত বাতৰি অনুসৰি আৰ বি আই (Reserve Bank Of India)-য়ে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কাৰণ দাঙি ধৰি বেংকটোৰ পৰ্যাপ্ত মূলধন আৰু উপাৰ্জনৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে। বৰ্তমানৰ আৰ্থিক অৱস্থাৰ বাবে বৰ্তমানৰ জমাকাৰীসকলক সম্পূৰ্ণৰূপে ধন পৰিশোধ কৰিব নোৱাৰিব বুলি জানিবলৈ দিয়ে বেংকটোৱে।

ইয়াৰ লগতে উল্লেখ কৰা হৈছে যে উক্ত বেংকটো কাৰ্যক্ষম কৰি ৰখাটো জমাকাৰীৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক। ইফালে, লিকুইডেচনৰ সময়ত প্ৰতিজন জমাকাৰীয়ে জমা বীমা আৰু ঋণ নিশ্চয়তা নিগমৰ পৰা ৫ লাখ টকা পৰ্যন্ত জমা ধনৰ বীমা দাবীৰ ধনৰাশি লাভ কৰাৰ অধিকাৰ থাকিব।

আৰ বি আই-য়ে জনোৱা মতে, বেংকটোৱে দাখিল কৰা তথ্য অনুসৰি প্ৰায় ৯৯.৮ শতাংশ জমাকাৰীয়ে ডি আই চি জি চিৰ পৰা সম্পূৰ্ণ পৰিমাণৰ জমা ধন পোৱাৰ অধিকাৰী। ইফালে, ২০২৩ চনৰ ১৩ জুনলৈকে ডিআইচিজিচিয়ে ইতিমধ্যে মুঠ বীমাকৃত জমা ধনৰ ২০.০৩ কোটি টকা বিতৰণ কৰিছে।

লগতে পঢ়কঃক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

এই প্ৰসংগত আৰ বি আই-য়ে সময়ে সময়ে সমবায় বেংকসমূহৰ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বেংকটোৱে কেইবাটাও সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। মূলতঃ সেই বেংকসমূহৰ আৰ্থিক অৱস্থা বেয়া বা নীতি-নিয়ম উলংঘা কৰাৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। এনে ক্ষেত্ৰত তেজপুৰস্থিত মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে সংশ্লিষ্ট বেংকৰ গ্ৰাহকসকলে তাৎক্ষণিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। 

Related News