NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাস; আইছ’লেশ্যনত থাকিয়ে চলাব কামকাজ

October 26, 2020 6:54 am · এন ই নাও নিউজ
আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্ত দাস।

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ (RBI) গৱৰ্ণৰ শক্তিকান্ত দাস কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। বৰ্তমান তেওঁ সুস্থই আছে আৰু তেওঁৰ কোনো লক্ষণো দেখা দিয়া নাই।

দেওবাৰে সন্ধিয়া এটা টুইট যোগে তেওঁ কয়, ‘’মোৰ কোভিড-১৯ ৰিপ’ৰ্ট পজিটিভ আহিছে। সুস্থ অনুভৱ কৰিছো। বৰ্তমান যিসকলে মোৰ সংস্পৰ্শত আহিছিল, তেওঁলোকক সতৰ্ক কৰি দিছো। আইছ’লেশ্যনত থাকিয়ে কামকাজ চলাই যাম।‘’

উল্লেখ্য যে যোৱা মাৰ্চ মাহত আৰম্ভ হোৱা লকডাউনৰ সময়ৰ পৰাই গৱৰ্ণৰগৰাকীৰ লগতে আৰবিআইৰ সকলো বিষয়াই ঘৰৰ পৰাই কাম কৰি আহিছে।

ঘৰৰ পৰাই বিভিন্ন সময়ত বিভিন্ন ঘোষণা কৰাৰ লগতে লকডাউনৰ মাজত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সংবাদ মেলো অনুষ্ঠিত কৰিছে।

আৰবিআইৰ গৱৰ্ণৰগৰাকীয়ে দাবী কৰা মতে আনলক আৰম্ভ হোৱাৰ পাছৰ সময়ত দেশৰ অৰ্থনীতি ক্ৰমে স্বাভাৱিক হ’বলৈ ধৰিছে।

যোৱা শুকুৰবাৰে নতুন অৰ্থনৈতিক নীতি কমিটিৰ বৈঠকৰ বিষয়বস্তু সদৰী কৰা হয়। যোৱা ৭ৰ পৰা ৯ অক্টোবৰলৈকে অনুষ্ঠিত সেই বৈঠকত আৰবিআইৰ গৱৰ্ণৰ গৰাকীয়ে আশংকা ব্যক্ত কৰিছিল যে কৰ’নাৰ দ্বিতীয় ৱেভ আহিলে আকৌ অৰ্থনীতিৰ বৃদ্ধিৰ গতি স্তব্ধ হ’ব পাৰে।

Related News