NORTHEAST NOW (Assamese)

বেংকসমূহলৈ RBIৰ ডাঙৰ সকাহ; ৰিভাৰ্ছ ৰেপ’ ৰেটত কৰ্তন ২৫ বেছিছ পইন্ট

April 17, 2020 12:00 pm · এন ই নাও নিউজ
আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাস।

কৰ’নাৰ আতংক আৰু লকডাউন চলি থকাৰ মাজতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই (RBI)কেইবাটাও ৰেহাইৰ কথা ঘোষণা কৰিছে।

ৰিভাৰ্ছ ৰেপ’ ৰেটত ২৫ বেছিছ পইন্ট হ্ৰাস কৰা হৈছে। এতিয়া ৰিভাৰ্ছ ৰেপ’ ৰেট ৪শতাংশৰ পৰা হ্ৰাস পাই ৩.৭৫ শতাংশ হ’ল।

ৰিভাৰ্ছ ৰেপ’ ৰেটত কৰ্তন কৰাৰ ফলত বেংকসমূহৰ লাভ হ’ব। এতিয়া বেংকবোৰে ঋণ পোৱাত অসুবিধা নহ’ব।

আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাসে কয় যে কোভিড-১৯ ৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া পৰ্যায়ৰ কৰ্পোৰেটৰ নগদৰ বহুত অসুবিধা হৈছে। সেয়েহে লকডাউন ২.০ৰ ঘোষণা কৰা হৈছে।

বৰ্তমান ৫০,০০০ কোটি টকাৰে আৰম্ভণি কৰা হৈছে আৰু ইয়াৰ পাছত পৰিস্থিতিৰ পৰ্যালোচনা সাপেক্ষে আৰু বৃদ্ধি কৰা হ’ব।

লকডাউন ২.০ চলি থকাৰ সময়ত ৫০ শতাংশ মুঠ ধন ক্ষুদ্ৰ, মজলীয়া পৰ্যায়ৰ কৰ্পোৰেট, এন বি এফ চি, এম এফ আইলৈ যাব। ইয়াৰ বাবে আজিয়েই অধিসূচনা জাৰি কৰা হ’ব।

আৰ বি আইৰ গৱৰ্ণৰ শশীকান্ত দাসে শুকুৰবাৰে কয় যে আই এম এফে বৰ্তমান পৰিস্থিতিক বৃহৎ লকডাউন বুলি অভিহিত কৰিছে আৰু বিশ্বই ৯ ট্ৰিলিয়ন ডলাৰৰ ক্ষতিৰ সন্মুখীন হোৱাৰ অনুমান ব্যক্ত কৰিছে। ভাৰত এন কিছুমান দেশৰ মাজত আছে য’ত ১.৯শতাংশ ধনাত্মক বিকাশ হ’ব। জি-২০ দেশসমূহৰ বিকাশ আটাইকৈ ক্ষিপ্ৰ হ’ব।

আৰ বি আইৰ গৱৰ্ণৰ গৰাকীয়ে লগতে কয় যে বিত্তীয় পৰিস্থিতিৰ ওপৰত আৰ বি আইয়ে নজৰ ৰাখিছে। কৰ’নাৰ সৈতে যুঁজত আমাৰ গোটেই টীম অৱতীৰ্ণ হৈছে। আমাৰ ১৫০গৰাকী বিষয়া তথা কৰ্মচাৰী কোৱাৰেন্টাইন হৈয়ো সেৱা আগবঢ়াই আছে। বিত্তীয় ক্ষতি হ্ৰাস কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।

Related News