বন্ধ হৈ যোৱা ২০০০ টকাৰ নোটসমূহ ছপা কৰিবৰ বাবে চৰকাৰে খৰচ কৰিছিল ১৭,৬৮৮ কোটি টকা, লোকসভাত প্ৰকাশ হ’ল এই তথ্য

২০১৬ চনত প্ৰচলন হোৱাৰে পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকাৰ নোট ছপা কৰাৰ বাবে মুঠ ১৭,৬৮৮ কোটি টকা ব্যয় কৰিছে। সোমবাৰে এইও তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীয়ে। 

৫০০ টকা আৰু ১০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱাৰ পিছতে ২০১৬ চনৰ নৱেম্বৰ মাহত বেংকে ২০০০ টকীয়া নোট জাৰি কৰিছিল।

লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত চৌধুৰীয়ে জনোৱা মতে, ২০১৭ চনৰ মাৰ্চ মাহৰ পূৰ্বে ২০০০ টকীয়া মুদ্ৰাৰ নোটৰ প্ৰায় ৮৯ শতাংশ ছপা কৰা হৈছিল আৰু ইয়াৰ ব্যৱহাৰিক জীৱনকাল প্ৰায় চাৰিৰ পৰা পাঁচ বছৰ শেষ হোৱাৰ ওচৰ চাপিছে।

উত্তৰত কোৱা হৈছে যে, “জনসাধাৰণৰ মুদ্ৰাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অন্যান্য মূল্যৰ বেংকনোটৰ ষ্টক পৰ্যাপ্ত হৈয়েই আছে।”

ৰাজহুৱা খণ্ডৰ বেংকসমূহে ২০০০ টকীয়া মুদ্ৰাৰ নোট ৰখাৰ বাবে এটিএম পুনৰ মানাংকন কৰিবলৈ প্ৰায় ৩২ কোটি টকা ব্যয় কৰে। এটিএমসমূহ পুনৰ মানাংকন কৰিবলৈ ভাৰতীয় ষ্টেট বেংকে প্ৰায় ১২.৮ কোটি টকা ব্যয় কৰিছে বুলি চৌধুৰীয়ে জনায়।

আৰ বি আইৰ তথ্য অনুসৰি ২০১৭-১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰচলিত ২০০০ টকীয়া নোটৰ মুঠ মূল্য প্ৰায় ৭.৪ লাখ কোটি টকা। ইয়াৰ পিছৰ বছৰবোৰত বেংকে কোনো নতুন ২০০০ টকীয়া নোট ছপা কৰা নাছিল।

উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা ১৯ মে’ত স্বচ্ছ নোট নীতিৰ অধীনত এই নোটসমূহৰ প্ৰচলন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি নাগৰিকসকলক বেংকৰ শাখাসমূহত ২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰৰ ভিতৰত জমা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। পিছত এই সময়সীমা এসপ্তাহ বৃদ্ধি কৰি অক্টোবৰলৈ বৃদ্ধি কৰা হৈছিল।