• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কিং’ কোহলীৰ বেটিঙেৰে পুনৰ চেম্পিয়ন বেংগালুৰু; ঢোকে ঢোকে পানী খালে ‘প্ৰিন্স’ গিলৰ গুজৰাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 7:44 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে আৰ চি বিয়ে। মেচৰ নায়ক? এটাই নাম, বিৰাট কোহলী। যি আজিও দল বিপদত পৰিলে ত্ৰাণকৰ্তা হৈ আগবাঢ়ি আহে। অধিনায়ক নহ’লেও তেওঁ দলৰ হৃদপিণ্ড। এতিয়াও তেওঁ ‘কিং’। এইবাৰো তেওঁ ছয় মাৰি মেচখন শেষ কৰে।

সেই বিৰাট কোহলীৰ ৭৫ ৰানৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ চেম্পিয়ন হৈছে আৰ চি বি। আৰম্ভণিতে ভুৱনেশ্বৰ কুমাৰ আৰু ৰশিখ ছালাম বাহিনীয়ে নিয়ন্ত্ৰিত বলিং কৰি শুভমন গিলৰ গুজৰাটক বান্ধি ৰাখিছিল। আৰু কোহলীয়ে শেষ কামটো কৰিলে। তাকো ছয় মাৰি। ৪২টা বলত ৭৫ ৰান কৰি অপৰাজিত হৈ থাকে বিৰাট। যোৱাবাৰ শেষ হৈছিল ১৮ বছৰীয়া অপেক্ষা। আৰু ৰজত পাটিদাৰৰ দলৰ বাবে দুবছৰত একেৰাহে দুটা ট্ৰফী।

Apply Now

প্ৰথমে ফাইনেলখন বেংগালুৰুৰ চিন্নাস্বামীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইয়াক আহমেদাবাদলৈ স্থানান্তৰ কৰা হয়। কিন্তু কোহলীয়ে য’ত অৱতৰণ কৰে সেয়াই তেওঁৰ ঘৰুৱা খেলপথাৰ। আহমেদাবাদ দেওবাৰে ৰঙা আৰু সোণালীৰে ভৰি পৰিছে। আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আনকি কেইবছৰমান আগলৈকে তেওঁ ভাৰতীয় ক্ৰিকেট ৰাডাৰত নাছিল। আৰু এইখেলখনত কোহলী যদি ‘কিং’ হয়, তেন্তে পাটিদাৰ ‘কিং মেকাৰ’। তেওঁৰ নেতৃত্বতে একেৰাহে দুবাৰকৈ খিতাপ দখল।

বেংগালুৰুৰ পেচ আক্ৰমণত আছে ভুৱনেশ্বৰ কুমাৰ আৰু জোছ হেজলউড। কিন্তু এই দলটোক একত্ৰিত কৰাৰ কৃতিত্ব পাটিদাৰৰ। তেওঁ ৰশিখ চালামৰ দৰে যুৱ পেচাৰক সঠিক সময়ত আৰু সঠিকভাৱে ব্যৱহাৰ কৰিছিল। তেওঁ ৩ টা উইকেট লৈছিল।

গুজৰাট শীৰ্ষ ক্ৰমত শুভমন গিল আৰু সাই সুদৰ্শনৰ ওপৰত অধিক নিৰ্ভৰশীল। দুয়োজনে বিফল হোৱাৰ লগে লগে গুজৰাটৰ ৰান ৰেট স্তব্ধ হৈ গ’ল। প্ৰায়ে দুয়োজনেই একেদৰেই আউট হৈ ওলাই আহিছিল। সুদৰ্শন (১২)ক আউট কৰে ভুৱনেশ্বৰে আৰু গিল (১০)ক হেজলউডে আউট কৰে। আৰম্ভণিৰ ৰান ৰেট আকৌ উঠা নাছিল। এটা সময়ত একেৰাহে ৪০টা বলত কোনো বাউণ্ডেৰী নাহিল।

অনভিজ্ঞ নিশান্ত সন্ধুৱে (২০) ডাঙৰ ৰান নাপালে। অভিজ্ঞ জোছ বাটলাৰে (১৯) বহু আগতেই নিজৰ ভাল সময় পাৰ কৰি আহিছে। যুঁজিছিল একমাত্ৰ ৱাশ্বিংটন সুন্দৰে (৫০)। দুটাকৈ উইকেট দখল কৰে হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰে। পাৰ্পল কেপৰ দৌৰত শীৰ্ষত ভুৱনেশ্বৰ। ৰশিখ চালামে লয় ৩টা উইকেট। শেষত গুজৰাটে ৮টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে।

এইটো আৰ চি বিৰ বাবে ভাতৰ লগত পানী খোৱা কথা! কোহলীৰ প্ৰায় অকলে শেষ কৰিব পৰা স্কোৰ। প্ৰথম ইনিংছতে লিখা হৈছিল মেচখনৰ ভাগ্য। বাকী কামবোৰ ভেংকটেশ আয়াৰ আৰু বিৰাট কোহলীৰ অপেনিং যুটিয়ে কৰিছিল। ভেংকটেশে ১৬টা বলত ৩২ ৰান সংগ্ৰহ কৰি আউট হৈছিল। তেওঁ ছিজনৰ মাজভাগত ইমপেক্ট প্লেয়াৰ হিচাপে দলত স্থান লাভ কৰে। ফাইনেলতো তেওঁ প্ৰভাৱ পেলাইছিল। আনহাতে, কোহলীয়েও নিজৰ ‘ক্লাছ’ দেখুৱাইছিল। মহম্মদ চিৰাজ বা পাৰ্পল কেপ বিজয়ী কাগিছ’ ৰাবাডাই আৰম্ভণিতে প্ৰভাৱেই পেলা নোৱাৰিলে। পাৱাৰপ্লেত ৮৬ ৰান সংগ্ৰহ হয়।

কিন্তু RCB ৰ লক্ষ্যত উপনীত হোৱাৰ বাটত বাধা নাছিল? গুজৰাটৰ স্পিনাৰ ৰছিদ খানে নৱম অভাৰত সেই আঘাত হানিছিল। পূৰ্বতে ভেংকটেশ আৰু পাদিক্কালৰ (১) উইকেট হেৰুৱাই চাপত পৰা নাছিল আৰ চি বি। কিন্তু ৰছিদে নৱম অভাৰত পাটিদাৰ আৰু ক্ৰুনালক ঘূৰাই পঠিয়ায়। গুজৰাটৰ বাবে যেন এধানি আশাৰ ৰশ্মি এইটো। অৱশ্যে ইম্লান হ’বলৈ বেছি সময় নালাগিল। আনহাতে, ‘চেজমাষ্টাৰ’ কোহলী। তেওঁ থকালৈকে আৰ চি বিক উলাই কৰিব নোৱাৰি। আৰু সেয়াই হ’ল।

লক্ষ্য সৰু। আতংকিত হ’লেই বিপদ। এই পৰিস্থিতিৰ পৰা তেওঁ টিম ইণ্ডিয়াৰ হৈ বহু মেচত জয়লাভ কৰিছে। আৰু তেওঁ পুনৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় এজন ডাঙৰ মেচৰ খেলুৱৈ। তেওঁ টিম ডেভিদৰ সৈতে ষ্ট্ৰাইক ৰোটেট কৰিবলৈ আৰম্ভ কৰে। আৰু এটা-দুটা বেয়া বল পালেই খেলপথাৰৰ বাহিৰত পেলাইছিল। তেওঁ ২৫টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। ডেভিদ ২৪ ৰানত আউট হ’লেও কোহলীয়ে নিজৰ লক্ষ্যত অটল আছিল।

মাত্ৰ চাবলৈ বাকী আছিল যে তেওঁৰ বেটৰ পৰাই বিজয়ী ৰানটো আহিব নে নাই। একেবাৰে শেষত শুভমন গিলে কেচ লৈ নাটকীয় মোৰ আনিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰো ভাগ্য ‘প্ৰিন্স’ৰ পক্ষত নাছিল। তৃতীয় আম্পায়াৰে তেওঁক নট আউট দিলে। অৱশেষত কোহলীয়ে ছয় মাৰি ট্ৰফী আজুৰি আনিলে। একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় আৰ চি বি। ১৮ বছৰে ট্ৰফীৰ বাবে ক্ষুধাৰ্ত দলটো এতিয়া সপ্তমত। আৰু স্বাভাৱিকতে ইয়াৰ মধ্যমণি ‘কিং’ কোহলী।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছঃ ১৫৫/৮ (ৱাশ্বিংটন সুন্দৰ ৫০*, ৰশিখ চালাম ২৭/৩, ভুৱনেশ্বৰ ২৯/২)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ১৬১/৫ (কোহলী ৭৫*, ভেংকটেশ ৩২, ৰছিদ ২৫/২)

৫ উইকেটত জয়লাভ কৰে আই পি এল চেম্পিয়ন আৰ চি বিয়ে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd