• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মৃতি মান্ধানাৰ হাতত স্বপ্নভংগ জেমাইমাৰ দিল্লীৰ! মহিলা প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন আৰ চি বি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 11:38 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুয়োগৰাকী নলে-গলে লগা বান্ধৱী। স্মৃতি মান্ধনা আৰু জেমাইমা ৰড্ৰিগেজ। কিন্তু বৃহস্পতিবাৰে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ ফাইনেলত তেওঁলোক আছিল তীব্ৰ প্ৰতিদ্বন্দ্বী। জনাই গৈছিল যে বিজয়ীৰ হাঁহি এজনেই মাৰিব। শেষত স্মৃতিয়ে দখল কৰিলে বিজয়ীৰ খিতাপ। কঠোৰ যুঁজ দিও জেমাইমা হাৰিবলগীয়া হ’ল।

স্মৃতিয়ে যি ছন্দত বেটিং কৰি আছিল, সঁচাকৈয়ে এই খেলখনৰ আন কোনো ফলাফল কল্পনা কৰাটোৱে কঠিন আছিল। শেষত দিল্লীয়ে নিশ্চিতভাৱে যুঁজ দিছিল যদিও, একেৰাহে চাৰিবাৰ ফাইনেললৈ গৈও পৰাস্ত হ’বলগীয়া হয়। আনহাতে, ফাইনেল অভাৰত জয়ী হৈ ​​দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় আৰ চি বি।

Apply Now

আৰ চি বিয়ে টছত জয়লাভ কৰি দিল্লীক বেটিং কৰিবলৈ দিয়ে। শ্বেফালি (২০) আৰু লিজেল লীয়ে (৩৭) আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং কৰে। প্ৰথমটো পাৱাৰ প্লে’ত এটা উইকেটৰ বিনিময়ত ৪৯ ৰান বহুত বেছি নহ’লেও আৰম্ভণি যথেষ্ট ভাল আছিল। নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত ২০৩ ৰান কৰি দিল্লী কেপিটেলছ অল আউট হয়।

সৰ্বোচ্চ স্ক’ৰ অধিনায়ক জেমইমাৰ ৫৭ (৮x৪) বেটৰ পৰাই আহে। পেডৰ ওপৰলৈ উঠি অহা সহজ ফুল টছ এটা মাৰিবলৈ গৈ ডিপ স্কোৱাৰ লেগত ধৰা নপৰা হ’লে দিল্লীয়ে স্ক’ৰ আৰু অধিক বৃদ্ধি কৰিব পাৰিলেহেঁতেন৷ লাৰাইও ৪৪ ৰান সংগ্ৰহ কৰে। একেবাৰে শেষত চিনেল হেনৰীয়ে ১৫টা বলত ৩৫ ৰান কৰি অপৰাজিত হৈ থাকে। লৰেন বেলৰ বাহিৰে বাংগালুৰুৰ আন কোনো বলাৰেই তেনে প্ৰভাৱ পেলাব নোৱাৰিলে। তেওঁ ৪ অভাৰত মাত্ৰ ১৯ ৰান দিছিল যদিও কোনো উইকেট ল’ব পৰা নাছিল।

দহতকৈ অধিক আস্কিং ৰেটৰ কথা মনত ৰাখি বেটিং কৰিবলৈ নামে আৰ চি বি। আৰম্ভণিতে গ্ৰেচ হেৰিছে ৯ ৰান সংগ্ৰহ কৰিয়েই উভতি যায়। তেওঁৰ মিডল ষ্টাম্প উৰি যোৱাৰ সময়ত স্ক’ৰব’ৰ্ডত মাত্ৰ ৯ ৰান আছিল! এই পৰিস্থিতিত যুঁজত টিকি থাকিবলৈ যে প্ৰত্যাক্ৰমণৰ প্ৰয়োজন হৈছিল সেই সম্পৰ্কে কোনো সন্দেহ থাকিব নোৱাৰে। লগতে উইকেটো হাতত ৰখাটো জৰুৰী হৈ পৰিছিল। এই পৰিস্থিতিত বেটিং কৰিবলৈ অহাৰ লগে লগে স্মৃতিৰ মসৃণ ষ্ট্ৰেইট ড্ৰাইভে বাউণ্ডেৰীত খুন্দা মাৰে। খেলখন ইয়াৰ পৰাই আৰ চি বিৰ পিনে ঘূৰিবলৈ ধৰে। খেলখন কাৰ্যতঃ একপক্ষীয় হৈ পৰিল। জৰ্জিয়া ভলে অধিনায়কগৰাকীক উপযুক্ত সংগ প্ৰদান কৰে।

সাধাৰণতে সকলোৱে ফাইনেলত কঠিন যুঁজ চাব বিচাৰে। ২০০ ৰানৰ লক্ষ্য যথেষ্ট ডাঙৰ। আৰু অৱশ্যেই ট্ৰফী জয়ৰ শেষত উপনীত হোৱাৰ পিছত। সেই সময়ত তেওঁলোকে আগতীয়াকৈ উইকেট দখল কৰিও শেষৰ পিনে সামান্য যুঁজ বাদ দিলে শ্বেফালী-জেমাইমাহঁতে কাৰ্যতঃ স্মৃতিৰ ওচৰত আত্মসমৰ্পণ কৰে। অৱশ্যে তেওঁলোকৰ কোনো উপায় আছিল? খেলৰ একেবাৰে শেষৰ ফালে আউট হোৱা ভলে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে। ৫৪ বলত ৭৯ ৰান! তেওঁ ১৪টা বাউণ্ডেৰী মাৰে। নিঃসন্দেহে অসাধাৰণ।

কিন্তু স্মৃতি তেওঁৰ তুলনাত অধিক নিখুঁত আছিল। কোনে বলিং কৰি আছে, ক’ত বলিং কৰি আছে সেইটো যেন তেওঁৰ মূৰত অহাই নাছিল। দুৰন্তভাৱে লেংথ বল চাই যিদৰে বাউণ্ডেৰী পাৰ কৰি দিছিল, ভাৱ হৈছিল আজি যেন একোৱেই তেওঁক বাধা দিব নোৱাৰে।

কিন্তু একেৰাহে উইকেট পৰাৰ লগে লগে খেলখনে দিল্লীৰ দিশে সামান্য মোৰ লৈছিল। তথাপিও আৰ চি বিয়ে কেতিয়াও যুঁজৰ পৰা পিছুৱাই যোৱা নাছিল। ৪১টা বলত স্মৃতিয়ে ৮৭ ৰান সংগ্ৰহ কৰে। ১২ টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰী কোবায়। কিন্তু তেওঁ হঠাৎ ক্লীনবোল্ড হৈ পেভিলিয়নলৈ উভতি অহাৰ সময়ত দিল্লীয়ে হয়তো জয়ী হোৱাৰ আশাত আছিল। কিন্তু ৰাধা যাদৱৰ একেৰাহে দুটা বাউণ্ডেৰীয়ে খেলখনত আৰচিবিৰ জয় নিশ্চিত কৰিলে। তেতিয়াও খেলিবলৈ দুটা বল বাকী আছিল।

সংক্ষিপ্ত স্কোৰঃ

দিল্লী কেপিটেলছ- ২০৩/৪ (জেমাইমা ৫৭, লৰা ৪৪)

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু- ২০৪/৪ (স্মৃতি ৮৭, ভল ৭৯)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm
চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd