• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুবিন-গৰিমাক লক্ষ্য কৰি ফেইচবুকত অশ্লীল পোষ্ট দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া-ৰহস্য অব্যাহত; ২৪ ঘণ্টাৰ পিছতো আৰক্ষী ব্যৰ্থ দোষীক চিনাক্ত কৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2018 8:48 am
Luit Kumar Barman_main

লুইত কুমাৰ বৰ্মনে ঘটনাটোৰ পিছত দিয়া এটা ষ্টেটাছৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

855
VIEWS
Share on FacebookShare on Twitter

জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি ফেইচবুকত অতি অশ্লীল পোষ্ট দিয়া আৰু জুবিনক সন্মুখত পালেই হত্যা কৰাৰ ভাবুকি দিয়া ঘটনাটোৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। যদিও গৰিমা গাৰ্গে ৯ অক্তোবৰত দিচপুৰ থানাত এই সন্দৰ্ভত লুইত কুমাৰ বৰ্মন নামৰ ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দিছে তথাপি এই পৰ্য্যন্ত আৰক্ষীয়ে একো ব্যৱস্থা লোৱা নাই।

আনহাতে গৰিমা গাৰ্গৰ এজাহাৰৰ পিছতে সংগীত-চিনেমাৰ জগতখনৰ সৈতে জড়িত লুইত কুমাৰ বৰ্মনেও পল্টনবজাৰ থানাত তেওঁৰ একাউণ্ট কোনো দুষ্ট লোকে, বিশেষকৈ জুবিনৰ ফেনক্লাবৰ কোনোবাই, ব্যৱহাৰ কৰি অশ্লীল পোষ্টটো দিয়া বুলি অভিযোগ আনি তদন্তৰ দাবী জনাই এজাহাৰ দাখিল কৰিছে।

ইফালে এই বিষয়টো লৈ ছ’চিয়েল মিডিয়াতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। জুবিনৰ অনুৰাগীসকলে শীঘ্ৰে অভিযুক্ত লুইত কুমাৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে। একেদৰে লুইত কুমাৰ বৰ্মনৰ বন্ধু-বৰ্গই লুইত কুমাৰ বৰ্মন নিৰ্দোষী, আৰক্ষীয়ে তদন্ত কৰি সোনকালে আচল অপৰাধীক ধৰিব লাগে বুলি দাবী জনাই আহিছে।

উল্লেখযোগ্য যে ৮ অক্তোবৰত লুইত কুমাৰ বৰ্মনে জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি অশ্লীল পোষ্ট দিয়া বুলি এটা স্ক্ৰীন শ্বট ৰাজহুৱা কৰে চাও জিতুমণি গগৈ নামৰ এজন জুবিন অনুৰাগীয়ে। অতি অশ্লীল ভাষা ব্যৱহাৰ কৰা পোষ্টটোত জুবিনক অবৈধ সন্তান বুলি কোৱা হৈছিল আৰু লগতে জুবিন-গৰিমাৰ সন্তানহীনতাৰ বিষয়েও অতি অশ্লীল কথা কোৱা হৈছিল। ইয়াৰ উপৰি জুবিনক সন্মুখত পালেই হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল।

লুইত কুমাৰ বৰ্মনৰ আন এটা পোষ্টৰ স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

“আমালৈ বিভিন্ন ধৰণৰ বাৰ্তা আহি থাকে বা আমাক লৈ বিভিন্নজনে বিভিন্ন পোষ্ট দি থাকে। কিন্তু এই পোষ্টটো অতি অশ্লীল আৰু ইয়াত জুবিনক হত্যাৰ ভাবুকি দিয়া হৈছে। আমি যিহেতু য’তে ত’তে ঘূৰি ফুৰো, গতিকে এইটো এটা ছিৰিয়াছ বিষয়। সেয়ে আৰক্ষীয়ে ইয়াৰ তদন্ত কৰাটো বিচাৰিছো।” ৯ অক্তোবৰত দিচপুৰ থানাত এজাহাৰ দি এইদৰে কয় গৰিমা গাৰ্গে।

আনহাতে অভিযোগ অস্বীকাৰ কৰিলেও লুইত কুমাৰ বৰ্মনে পূৰ্বেও আৰু সততে অশ্লীল ভাষা ব্যৱহাৰ কৰি পোষ্ট দিয়াৰ নজিৰ পোৱা যায়। লগতে তেওঁ জুবিনক পূৰ্বেও অভব্য ভাষাৰে আক্ৰমণ কৰাৰো নজিৰ অনেক আছে।

ইফালে চাও জিতুমণি গগৈয়ে নিজৰ ৱালৰ পৰা তেওঁ লুইত কুমাৰ বৰ্মনৰ টাইমলাইনৰ স্ক্ৰীন শ্বট বুলি দাবী কৰি দিয়া পোষ্টটো আঁতৰাই দিয়াটোৱেও ৰহস্যৰ সৃষ্টি কৰিছে।

মুঠতে এই ঘটনাটোৱে এতিয়া তীব্ৰ বিতৰ্কৰ লগতে সঁচা কোন মিছা কোন সেই বিষয়ে ধুঁৱলী-কুঁৱলীৰ পৰিৱেশ সৃষ্টি কৰিছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd