NORTHEAST NOW (Assamese)

চিনেমা নহয় বাস্তৱ জীৱনৰ ‘লাপাটা লেডিজ’! গৃহ নিৰ্মাণ আঁচনিৰ ধন চুৰি কৰি স্বামীক এৰি পলায়ন পত্নীৰ

July 9, 2024 3:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 9, 2024 3:40 pm

‘লা পাটা লেডিজ!’ কিছুদিন পূৰ্বে বলীউডৰ মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ৷এইবাৰ চলচ্চিত্ৰখনৰ দৰে হুবহু ঘটনা বাস্তৱিকতে সংঘটিত হৈছে৷ বিজেপি শাসিত যোগী আদিত্যনাথৰ ৰাজ্যত কেন্দ্রীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ পৰা ধন লৈ উত্তৰ প্ৰদেশৰ কেইবাগৰাকীও মহিলা ‘লাপাটা’ হৈ পৰিছে।

এই আঁচনিৰ পৰা ধন দৰিদ্ৰ, অসুবিধাগ্ৰস্ত লোকক নিজাকৈ স্থায়ী বাসগৃহ নিৰ্মাণৰ বাবে দিয়া হয়। কিন্তু, সন্ধ্যা ৰায়, অনুপ কুমাৰ অভিনীত তৰুণ মজুমদাৰৰ সুবোধ ঘোষৰ চুটিগল্পৰ আধাৰত নিৰ্মিত ছবি ‘ঠগিনী’ৰ দৰে প্ৰজেক্টৰ ধন লাভ কৰাৰ পাছত কেইবাগৰাকী মহিলা হতাশ হৈ পৰে। ছবিখনৰ দৰে এই মহিলাসকলৰ কোনো এগৰাকীয়েই স্বামীৰ সৈতে পলাই যোৱা নাছিল। তাৰ পৰিৱৰ্তে স্বামীৰ পৰা বিদায় লৈ প্ৰেমিকৰ লগত পলাই গ’ল।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এতিয়াৰ বাবে এনে ১১ জন লোকক চিনাক্ত কৰা হৈছে। অৱশ্যে কাকো বিচাৰি পোৱা যোৱা নাই।পলাতক পত্নীৰ স্বামীয়ে থানাত নিৰুদ্দিষ্ট হোৱাৰ অভিযোগ দাখিল কৰাৰ পাছতহে এই ৰহস্য পোহৰলৈ আহে। উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ এনে ১১ গৰাকী বিবাহিতা মহিলাক প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণ আঁচনিৰ প্ৰথম কিস্তিৰ বাবে ৪০ হাজাৰ টকা দিছিল৷

মহাৰাজগঞ্জ জিলাত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২৩৫০ গৰাকী হিতাধিকাৰীক ধন প্ৰদান কৰা হৈছে। News 18 ৰ বাতৰি অনুসৰি এই আঁচনিৰ বাবে থুঠিবাৰী, শীতলবাৰী, চতিয়া, ৰামনগৰ, বকুলডিহা, খাৰছা, কিসুনপুৰ আৰু মেধৌলী গাঁৱৰ মহিলাসকলে লাভ কৰিছে ধন। সূত্ৰ অনুসৰি বিষয়টো ধৰা পৰাৰ পাছতে চৰকাৰে দ্বিতীয় কিস্তি দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছে।

উল্লেখ্য এই ঘটনাটো প্ৰথম নহয়। বিগত বছৰতো উত্তৰ প্ৰদেশৰ চাৰিগৰাকী মহিলাই প্ৰথম কিস্তিৰ ধন লাভ কৰি পৰিয়ালৰ পৰা পলাই গৈছিল। সেৱাৰ প্ৰথম কিস্তিত তেওঁলোকৰ বেংক একাউণ্টলৈ আহিছিল ৫০ হাজাৰ টকা। ঘৰটোৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱা নাই বুলি দেখিহে কৰ্তৃপক্ষই বুজি পায়। জাননী দিয়াৰ পাছতো পলায়নকাৰীৰ পৰা কোনো সঁহাৰি নাপালে।

Related News