ভাৰতত মুকলি হ’ল Realme 6 , Pro, দাম কিমান? ||সবিশেষ

Realme 6, Realme 6 pro launched in India

ৰিয়েলমিয়ে বৃহস্পতিবাৰে ভাৰতত মুকলি কৰিছে তিনিটাকৈ প্ৰডাক্ত— Realme 6 , Pro আৰু Realme বেণ্ড।

ৰিয়েলমি ৬ প্ৰ’ সমদামৰ বাকী ফোনৰ ভিতৰত ১২০Hz ডিছপ্লে থকা প্ৰথমটো ফোন।

দুয়োটা ফোনতে চাৰিটাকৈ ৰিয়েৰ কেমেৰা আৰু পাঞ্চহ’ল ডিছপ্লে আছে।

 

দাম?

ৰিয়েলমি ৬ তিনিটা মডেলত উপলব্ধ হ’ব 4GB/64GB, 6GB/128GB, and 8GB/128GB (|) প্ৰথমটো মডেলৰ দাম 12,999, দ্বিতীয়টোৰ 14,999 আৰু তৃতীয়টোৰ দাম 15,999 টকা।

ফোন দুটা নীলা আৰু বগা ৰঙত উপলব্ধ হ’ব।

ৰিয়েলমি ৬ প্ৰ’ও তিনিটা মডেলত উপলব্ধ হ’ব– 6GB/64GB, 6GB/128GB আৰু 8GB/128GB মডেল। প্ৰথমটোৰ দাম 16,999, বাকী দুটাৰ ক্ৰমে 17,999 আৰু 18,999 (।)

ফোনটো কমলা আৰু নীলা ৰঙত উপলব্ধ হ’ব।

ফ্লিপকাৰ্ট, realme.com আৰু দেশৰ বিভিন্ন অফলাইন ষ্ট’ৰত ফোন দুটা ক্ৰমে ১১ আৰু ১৩ মাৰ্চৰ পৰা উপলব্ধ হ’ব।

 

Realme 6ত কি কি আছে?

Realme 6 ত আছে 6.5-ইঞ্চিৰ ফুল এইচ ডি+ 90Hz ডিছপ্লে। ডিছপ্লে ৰিজলিউচন 1080×2400 pixels আৰু ইয়াত এটা পান্স-হ’ল আছে। ফোনটোত 2.05GHz স্পীডৰ MediaTek Helio G90T অক্তা ক’ৰ প্ৰচেছৰ আছে।

ফোনটোত চাৰিটা ৰিয়েৰ কেমেৰা আছে– 64-megapixelৰ মূল ছেনছৰ, এটা 8-megapixelৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা আৰু দুটা 2-megapixelৰ মেক্ৰ’ আৰু ম’ন’ কেমেৰা।

ফোনটোৰ 16-megapixelৰ ছেল্ফি কেমেৰা পান্স-হ’লত অৱস্থিত। ফোনটোৰ বেটাৰি 4300mAhৰ আৰু ই 30Wলৈকে ফাষ্ট চাৰ্জ চাপ’ৰ্ট কৰিব।

ফোনটোত USB-C প’ৰ্টো আছে।

 

Realme 6 Proত কি আছে?

Realme 6 ত আছে 6.6-ইঞ্চিৰ ফুল এইচ ডি+ 90Hz এল চি ডি ডিছপ্লে। ডিছপ্লে ৰিজলিউচন 1080×2400 pixels আৰু ইয়াত দুটা পান্স-হ’ল আছে। ফোনটোত 2.3GHz স্পীডৰ Qualcomm Snapdragon 720G প্ৰচেছৰ আছে।

এই ফোনটো NavIC নেভিগেচন চাপ’ৰ্ট কৰা প্ৰথম ফোন।

ফোনটোত চাৰিটা ৰিয়েৰ কেমেৰা আছে– 64-megapixelৰ মূল ছেনছৰ, এটা 8-megapixelৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা আৰু দুটা 2-megapixelৰ মেক্ৰ’ আৰু ম’ন’ কেমেৰা।

ফোনটোৰ পান্স-হ’লত দুটাকৈ ছেল্ফি কেমেৰা অৱস্থিত।

ফোনটোৰ বেটাৰি 4300mAhৰ আৰু ই 30Wলৈকে ফাষ্ট চাৰ্জ চাপ’ৰ্ট কৰিব।

ফোনটোত USB-C প’ৰ্টো আছে।