NORTHEAST NOW (Assamese)

পুৱা খালী পেটতে চাহ খোৱা উচিত নে? জানিবলৈ চাওক এই লেখা

September 10, 2023 8:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 10, 2023 10:15 am

পুৱা শোৱাপাটিৰ পৰা উঠি যোৱাৰ পিছত কিছু সময়লৈ আমি সকলোৱে এক শাৰীৰিক বা মানসিক অৱসাদ অনুভৱ কৰোঁ। এই অৱসাদ দূৰৰ ঔষধ হিচাপে আমাৰ মনত ভাহি উঠে একাপ চাহ।

পচন্দৰ চাহ কাপত এটা চুমুক, আহ! নিমিষতে যেন দূৰ হৈ গৈছে আমাৰ সকলো অৱসাদ, মগজুৱে যেন লাভ কৰিছে নতুন প্ৰাণ, শান্ত হৈ উঠিছে শৰীৰ!

সময়মতে একাপ চাহ খাবলৈ নাপালেই যেন বিপদ! মুহূৰ্তৰ ভিতৰতে আৱৰি ধৰিব অৱসাদে। পুৱাৰ পৰা সন্ধিয়ালৈকে দিনটোৰ ভিতৰত ৫-৬ বাৰকৈ এই প্ৰাণ সঞ্চাৰী ঔষধ। এয়াই আমাৰ সমাজৰ এক পৰিচিত দৃশ্য।

পিছে পুৱা উঠি খালী পেটতে একাপ চাহ খোৱা উচিত নে! এই সকাহৰ চুমুকটোৱে আমাৰ জীৱনলৈ কোনো ডাঙৰ বিপদ কঢ়িয়াই আনে নেকি? নে চাহকাপত চুমুক দিয়াৰ সময়ত অনুভৱ কৰা সুখানুভূতিৰ দৰেই পুৱাৰ এই চাহকাপ আমাৰ জীৱনৰ বাবে সম্পদ!

বহু সময়ত এই লৈ আপোনাৰ ঘৰখনত কিছু তৰ্ক-বিতৰ্কৰ সূচনা নিশ্চয়কৈ থকা নাই। পিছে, এই তৰ্ক-বিতৰ্ক পিছলৈ ঠেলি আপুনি বিশেষজ্ঞৰ কথালৈ মন কৰক, কি কয় তেওঁলোকে! বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱা খালী পেটত চাহ একেবাৰেই খাব নালাগে।

কিন্তু কিয়? বিশেষজ্ঞসকলে আগবঢ়াইছে ইয়াৰ সঠিক কাৰণ। তেওঁলোকৰ মতে, চাহত কেফেইন থাকে। আৰু সেয়ে ৰাতিপুৱা খালী পেটত চাহ খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। খোৱাৰ ইচ্ছাও কমি যায়।

বহু লোকৰে গৰম চাহত চুমুক দিয়াৰ অভ্যাস আছে। বিশেষকৈ খালী পেটত কেতিয়াও এনে কৰিব নালাগে। এনে কৰিলে গৰম চাহে জিভা, খাদ্যনলীত অপকাৰ কৰিব পাৰে আৰু হৃদযন্ত্ৰত প্ৰদাহৰ সৃষ্টি কৰিব পাৰে।

আলচাৰৰ সমস্যা থকা লোকে খালী পেটত কেতিয়াও চাহ খাব নালাগে। গুৰুতৰ ক্ষতি হ’ব পাৰে। চাহ খালী পেটত সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ হ’ব। যাৰ ফলত ডিহাইড্ৰেছন হ’ব পাৰে।

ইফালে একাংশ গৱেষকে আকৌ বাৰে বাৰে গৰম চাহ খালে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি দাবী কৰিছে।

অৱশ্যে গৱেষকসকলে এই কথাও প্ৰকাশ কৰিছে যে যিহেতু চাহত কেফেইন আৰু থিয়ানিন থাকে, গতিকে ভৰি থকা পেটত চাহ অতি উপকাৰী। এই উপাদানবোৰে আমাক সজীৱ হৈ থকাত সহায় কৰে। একাগ্ৰতা বৃদ্ধি কৰে।

চাহ একাপ খালে মানুহৰ মগজুত সৃষ্টিশীলতাৰ প্ৰবাহ বৃদ্ধি পায়। এইখিনিতে মনত ৰখা ভাল যে, চাহ ২ মিনিটতকৈ অধিক সময় গৰম কৰিলে চাহত থকা উপকাৰী উপাদানৰ গুণগত মান হেৰাই যায়।

Related News