প্ৰলয়ংকাৰী ভূমিকম্পই জোকাৰি যোৱা মৰক্কোত অকল্পনীয় হাৰত বৃদ্ধি পাইছে নিহত লোকৰ সংখ্যা। প্ৰশাসনৰ তথ্য অনুসৰি, ভূমিকম্পত নিহতৰ সংখ্যা এইপৰ্যন্ত ২,০০০ তকৈও অধিকলৈ বৃদ্ধি পাইছে, আৰু সমসংখ্যক লোক আহত হৈছে।
গৃহ মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, ১,৪০০ৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এনে শোকাৱহ পৰিস্থিতিৰ ফলশ্ৰুতিত দেশখনৰ ৰজা ষষ্ঠ মহম্মদে তিনি দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।
অৱশ্যে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰশাসনে ব্যক্ত কৰিছে। উল্লেখ্য যে, শুকুৰবাৰে স্থানীয় সময় অনুসৰি ১১.১১ বজাত এই প্ৰলয়ংকাৰী ভূমিকম্পৰ সূত্ৰপাত হৈছিল।
৬.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ উৎপত্তিস্থল এটলাছ পৰ্বতৰ স্কি ৰিজ’ৰ্ট অকাইমেডেনৰ ওচৰত বুলি আমেৰিকাৰ ভূতাত্বিক জৰীপ বিভাগে সদৰী কৰিছিল। লক্ষণীয়ভাৱে যোৱা এক শতিকাৰ ভিতৰত দেশখনত ইয়েই আটাইতকৈ বৃহৎ ভূমিকম্প।
এই ভূমিকম্পত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে পুৰণি মাৰাকেছ চহৰ। চহৰখনত বৈষয়িক সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোকৰো মৃত্যু হৈছে। ভূমিকম্পৰ উৎপত্তিস্থলৰ অতি ওচৰত অৱস্থিত এই চহৰখন।
আনহাতে চৰকাৰী তথ্য অনুসৰি, ভূমিকম্পৰ ফলত নিহতসকলৰ ভিতৰত অধিক লোক আল-হাউজ আৰু তাৰৌডাণ্ট প্ৰদেশত।
অ’ৱাৰজাজাটে, চিচাউয়া, এজিলাল, ইউছুফিয়া, আগাদিৰ, কাছাব্লাংকা অঞ্চলতো মৃত্যুৰ তথ্য লাভ কৰিছে বুলি চৰকাৰে সদৰী কৰিছে।
দেশখনৰ গৃহ মন্ত্ৰালয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সহায়ৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ তাৎক্ষণিকভাৱে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে। এই বিপৰ্যয়ৰ সময়ত দেশখনলৈ সমবেদনা জনাইছে বহু দেশ তথা আন্তৰ্জাতিক সংস্থাসমূহে