NORTHEAST NOW (Assamese)

অভিযান সদ্ভাৱনা : ওদালগুৰিত ৰেড হৰ্ন ডিভিজনৰ দ্বাৰা বিশেষভাৱে সক্ষমৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ

November 13, 2018 2:55 pm · এন ই নাও নিউজ
Updated: November 13, 2018 2:57 pm

ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনে হাতীগড় অঞ্চলৰ অন্তৰ্গত ঘগ্ৰা, অমলাইগুৰি, বটীয়ামাৰী গাঁৱৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত হুইল-চেয়াৰ, লাখুটী, ক্ৰাচ্চ, শ্ৰৱণ-সহায়ক যন্ত্ৰ, চশমা আদি বিতৰণ কৰে।

স্থানীয় বাসিন্দাসকলৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ আৰ্টিলাৰী ব্ৰিগেডে যোৱা ১২ নৱেম্বৰ দেওবাৰে এটা চিকিৎসা শিবিৰৰ আয়োজন কৰে। এই চিকিৎসা শিবিৰৰ পৰা হাতীগড় অঞ্চলৰ প্ৰায় ১০০০গৰাকী লোক উপকৃত হয়। এই চিকিৎসা শিবিৰতে ‘অভিযান সদ্ভাৱনা’ৰ (Operation Sadbhavana) অন্তৰ্গত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত হুইল-চেয়াৰ, লাখুটী, ক্ৰাচ্চ, শ্ৰৱণ-সহায়ক যন্ত্ৰ, চশমা আদি বিতৰণ সেনাৰ আৰ্টিলাৰী ব্ৰিগেডে।

ৰেড হৰ্ন ডিভিজনৰ আৰ্টিলাৰী ব্ৰিগেডৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ মনীষ পাণ্ডেই ওদালগুৰিৰ হাতীগড়ৰ আশে-পাশে বাস কৰা লোকসকলৰ মাজত এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰে। ওদালগুৰি জিলাৰ ভিতৰুৱা এলেকাত থকা নৱ নিৰ্মিত এখন আদৰ্শ বিদ্যালয়—বিকাশ বিদ্যালয়ক এটা টয়লেট ব্লক প্ৰদান কৰে।

Related News