প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ২২ মে’, ২০২৫ তাৰিখে অমৃত ভাৰত ষ্টেচন আঁচনিৰ(এবিএছএছ)ৰ অধীনত সমগ্ৰ দেশজুৰি ১০৩টা পুনৰ্বিকশিত ৰে’লৱে ষ্টেচনৰ ভাৰ্চুৱেলী উদ্বোধন কৰিব, যি ভাৰতৰ ৰে’লৱে আন্তঃগাঁথনি আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ ৰূপে চিহ্নিত হ’ব। ইয়াৰ ভিতৰত অসমৰ ঐতিহাসিক হয়বৰগাওঁ ৰে’লৱে ষ্টেচনো আছে, যাৰ নিৰ্মাণ ১৮৮৭ চনত হৈছিল যিটো এক গুৰুত্বপূৰ্ণ ষ্টেচন ৰূপে বিৰাজমান হৈ আছে।
নগাঁওৰ মাজমজিয়াত অৱস্থিত, এই ষ্টেচনে বহুদিন ধৰি এক গুৰুত্বপূৰ্ণ পৰিবহনৰ সংযোগস্থল হিচাপে সেৱা আগবঢ়াই আহিছে আৰু অঞ্চলটোৰ সামাজিক, অৰ্থনৈতিক দিশত সজীৱতা বৃদ্ধিত অৱদান যোগাই আহিছে। প্ৰতিদিনে প্ৰায় ১,২০০ যাত্ৰীৰ সমাগমৰ সৈতে, এবিএছএছৰ অধীনত ইয়াৰ ৰূপান্তৰণে চৰকাৰৰ বহনক্ষম আন্তগাঁথনিৰ উন্নয়ন আৰু দূৰদৃষ্টিকে প্ৰতিফলিত কৰিছে।
হয়বৰগাওঁ ৰেলৱে ষ্টেচনৰ পুনৰ্বিকাশে ইয়াৰ সাম্প্ৰতিক পৰিচয় প্ৰদান কৰাৰ লগতে এক গুৰূত্বপূর্ণ আঞ্চলিক প্ৰত্ব্যাহ্বানসমূহ যেনে- বানপানীৰ আংশকা আৰু সীমিত প্ৰৱেশাধিকাৰৰ অসুবিধা সমস্যাৰ সমাধানৰ দিশতো পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া ষ্টেচনটো এক আকৰ্ষণীয় প্ৰৱেশ পথ, এটা নৱ নিৰ্মিত ষ্টেচন ভৱন আৰু এক প্রশস্ত বিস্তৃত এলাকাৰ বৈশিষ্ট্যৰে সজ্জিত কৰা হৈছে।
এক আধুনিক প্ৰতীক্ষাহল, মডুলাৰ আৰু দিব্যাংগজন হিতৈষী শৌচাগাৰৰ সৈতে যাত্ৰীৰ সা-সুবিধাসমূহ বিশেষভাৱে বৃদ্ধি কৰা হৈছে। তদুপৰি নব নিৰ্মিত ষ্টেচনটোত শিশুক আহাৰ প্ৰদানৰ ব্যৱস্থাসহ এক জলপান কক্ষও উপলব্ধ কৰা হৈছে। প্লেটফৰ্মসমূহ পুনৰ নিৰ্মাণ কৰা হৈছে আৰু পথচাৰীৰ বাবে সমৰ্পিত পদপথৰ লগতে ষ্টেচনটো চতুৰ্দিশৰ এলেকাত দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ বাবে পৃথকভাৱে পাৰ্কিং জ’ননিৰ্ধাৰিত কৰাৰ সৈতে এই এলেকাৰ পুনঃনিৰ্মাণ কৰা হৈছে।
ষ্টেচনটোত টাইলচ, ৰেম্প আৰু সুগম টিকট কাউণ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাতে সকলোৰ বাবে প্ৰৱেশ নিশ্চয় কৰিব পৰা যায়। অধিক উন্নয়নৰ ভিতৰত হাই-মাষ্ট লাইটিং, উন্নীত ৰাজহুৱা ঘোষণা পদ্ধতি, উন্নীত চাইনেজ, নান্দনিক সেউজ অঞ্চল আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক বিষয় সমৃদ্ধ ভাষ্কৰ্য আৰু দেৱাল চিত্ৰৰ স্থাপন অন্তৰ্ভুক্ত আছে।
হয়বৰগাওঁ ষ্টেচনৰ পুনৰ্বিকাশ কেৱল বাস্তৱিক আন্তঃগাঁথনিৰ বিকাশ সীমিত নহয়, ই যাত্ৰীৰ উন্নয়ন কৰাৰ লগতে অঞ্চলসমূহৰো পৰ্যটন উন্নয়নলৈ এটা নতুন প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে বিৱেচিত কৰে। উন্নত সা-সুবিধা আৰু সংযোগ ব্যৱস্থাৰ সৈতে, এই ৰেলৱে ষ্টেচনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য আৰু বৰদোৱা থানৰ দৰে নিকটৱৰ্তী পৰ্যটন স্থানসমূহলৈ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হব।
এই পদক্ষেপে কেৱল উত্তৰ-পূব ভাৰতৰ আন্তঃগাথনিৰ মেৰুদণ্ডকেই শক্তিশালী নকৰে, লগতে ‘ৱান ষ্টেচন ৱান প্ৰোডাক্ট’ আঁচনিৰ অধীনত সমৰ্পিত কিয়স্কৰ জৰিয়তে স্থানীয় ব্যৱসায়ীকো উৎসাহিত কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱে এই ৰূপান্তৰকাৰী যাত্ৰাৰ অংশ হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰে, যিয়ে অঞ্চলটোৰ ঐতিহাসিক পৰম্পৰা আৰু এটি জীৱন্ত সমাৱেশমূলক ভৱিষ্যতৰ প্ৰত্যাশাৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য ৰাখিছে।