• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২২ মে’ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব পুনৰ্বিকশিত হয়বৰগাঁও ৰে’লৱে ষ্টেচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 2:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ২২ মে’, ২০২৫ তাৰিখে অমৃত ভাৰত ষ্টেচন আঁচনিৰ(এবিএছএছ)ৰ অধীনত সমগ্ৰ দেশজুৰি ১০৩টা পুনৰ্বিকশিত ৰে’লৱে ষ্টেচনৰ ভাৰ্চুৱেলী উদ্বোধন কৰিব, যি ভাৰতৰ ৰে’লৱে আন্তঃগাঁথনি আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ ৰূপে চিহ্নিত হ’ব। ইয়াৰ ভিতৰত অসমৰ ঐতিহাসিক হয়বৰগাওঁ ৰে’লৱে ষ্টেচনো আছে, যাৰ নিৰ্মাণ ১৮৮৭ চনত হৈছিল যিটো এক গুৰুত্বপূৰ্ণ ষ্টেচন ৰূপে বিৰাজমান হৈ আছে।

নগাঁওৰ মাজমজিয়াত অৱস্থিত, এই ষ্টেচনে বহুদিন ধৰি এক গুৰুত্বপূৰ্ণ পৰিবহনৰ সংযোগস্থল হিচাপে সেৱা আগবঢ়াই আহিছে আৰু অঞ্চলটোৰ সামাজিক, অৰ্থনৈতিক দিশত সজীৱতা বৃদ্ধিত অৱদান যোগাই আহিছে। প্ৰতিদিনে প্ৰায় ১,২০০ যাত্ৰীৰ সমাগমৰ সৈতে, এবিএছএছৰ অধীনত ইয়াৰ ৰূপান্তৰণে চৰকাৰৰ বহনক্ষম আন্তগাঁথনিৰ উন্নয়ন আৰু দূৰদৃষ্টিকে প্ৰতিফলিত কৰিছে।

Apply Now

হয়বৰগাওঁ ৰেলৱে ষ্টেচনৰ পুনৰ্বিকাশে ইয়াৰ সাম্প্ৰতিক পৰিচয় প্ৰদান কৰাৰ লগতে এক গুৰূত্বপূর্ণ আঞ্চলিক প্ৰত্ব্যাহ্বানসমূহ যেনে- বানপানীৰ আংশকা আৰু সীমিত প্ৰৱেশাধিকাৰৰ অসুবিধা সমস্যাৰ সমাধানৰ দিশতো পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া ষ্টেচনটো এক আকৰ্ষণীয় প্ৰৱেশ পথ, এটা নৱ নিৰ্মিত ষ্টেচন ভৱন আৰু এক প্রশস্ত বিস্তৃত এলাকাৰ বৈশিষ্ট্যৰে সজ্জিত কৰা হৈছে।

এক আধুনিক প্ৰতীক্ষাহল, মডুলাৰ আৰু দিব্যাংগজন হিতৈষী শৌচাগাৰৰ সৈতে যাত্ৰীৰ সা-সুবিধাসমূহ বিশেষভাৱে বৃদ্ধি কৰা হৈছে। তদুপৰি নব নিৰ্মিত ষ্টেচনটোত শিশুক আহাৰ প্ৰদানৰ ব্যৱস্থাসহ এক জলপান কক্ষও উপলব্ধ কৰা হৈছে। প্লেটফৰ্মসমূহ পুনৰ নিৰ্মাণ কৰা হৈছে আৰু পথচাৰীৰ বাবে সমৰ্পিত পদপথৰ লগতে ষ্টেচনটো চতুৰ্দিশৰ এলেকাত দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ বাবে পৃথকভাৱে পাৰ্কিং জ’ননিৰ্ধাৰিত কৰাৰ সৈতে এই এলেকাৰ পুনঃনিৰ্মাণ কৰা হৈছে।

ষ্টেচনটোত টাইলচ, ৰেম্প আৰু সুগম টিকট কাউণ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাতে সকলোৰ বাবে প্ৰৱেশ নিশ্চয় কৰিব পৰা যায়। অধিক উন্নয়নৰ ভিতৰত হাই-মাষ্ট লাইটিং, উন্নীত ৰাজহুৱা ঘোষণা পদ্ধতি, উন্নীত চাইনেজ, নান্দনিক সেউজ অঞ্চল আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক বিষয় সমৃদ্ধ ভাষ্কৰ্য আৰু দেৱাল চিত্ৰৰ স্থাপন অন্তৰ্ভুক্ত আছে।

হয়বৰগাওঁ ষ্টেচনৰ পুনৰ্বিকাশ কেৱল বাস্তৱিক আন্তঃগাঁথনিৰ বিকাশ সীমিত নহয়, ই যাত্ৰীৰ উন্নয়ন কৰাৰ লগতে অঞ্চলসমূহৰো পৰ্যটন উন্নয়নলৈ এটা নতুন প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে বিৱেচিত কৰে। উন্নত সা-সুবিধা আৰু সংযোগ ব্যৱস্থাৰ সৈতে, এই ৰেলৱে ষ্টেচনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য আৰু বৰদোৱা থানৰ দৰে নিকটৱৰ্তী পৰ্যটন স্থানসমূহলৈ প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হব।

এই পদক্ষেপে কেৱল উত্তৰ-পূব ভাৰতৰ আন্তঃগাথনিৰ মেৰুদণ্ডকেই শক্তিশালী নকৰে, লগতে ‘ৱান ষ্টেচন ৱান প্ৰোডাক্ট’ আঁচনিৰ অধীনত সমৰ্পিত কিয়স্কৰ জৰিয়তে স্থানীয় ব্যৱসায়ীকো উৎসাহিত কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱে এই ৰূপান্তৰকাৰী যাত্ৰাৰ অংশ হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰে, যিয়ে অঞ্চলটোৰ ঐতিহাসিক পৰম্পৰা আৰু এটি জীৱন্ত সমাৱেশমূলক ভৱিষ্যতৰ প্ৰত্যাশাৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্য ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd