ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই

অসমৰ ধান খেতিয়ক সকললৈ সুখৰ বতৰা কঢ়িয়াই আনিছে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰ আঞ্চলিক ধান গবেষণা প্রতিষ্ঠানে। এই প্ৰতিষ্ঠানটৱে উদ্ভাৱন কৰিছে বৰ্ণসংকৰ ধানৰ প্ৰজাতি। প্ৰচুৰ, শতাব্দী আৰু পাটকাই নামৰ তিনিবিধ বৰণসংকৰ ধান উদ্ভাৱন কৰিছে গৱেষণা প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে উন্নত ধানৰ প্ৰজাতি হিচাপে কেইবাটাও দশক ধৰি অসমৰ খেতিয়ক সকলে ৰঞ্জিত, আইজঙৰ দৰে বীজৰ খেতি কৰি আহিছে। কিন্তু ৰঞ্জিত আৰু আইজঙতকৈও অধিক উন্নত প্ৰজাতিৰ ধান বুলি দাবী কৰা হৈছে নতুনকৈ উদ্ভাৱন কৰা এই ধানৰ প্ৰজাতি কেইটা।

যোৱা বছৰ ধান গৱেষণা প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰি উলিওৱা প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধানৰ প্ৰজাতি কেইটাৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ কৃষকৰ বাবে মুকলি কৰি দিয়া হৈছে।

প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি এই কেইবিধ নতুন ধানৰ খেতি কৰিলে বিঘাই প্ৰতি ২২ ৰ পৰা ২৫ মোন পৰ্যন্ত ধান উৎপাদক কৰিবলৈ সক্ষম হ’ব কৃষকসকল। এই তিনিবিধ প্ৰজাতি ৰঞ্জিত ধানতকৈ দহ গুণ বেছি উৎপাদনশীল বুলিও দাবী কৰিছে প্ৰতিষ্ঠানটোৱে।

গবেষণা প্রতিষ্ঠানে নতুনকৈ উদ্ভাৱন কৰা প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধান বিঘাইপতি ২২ৰ পৰা ২৫ মোনপর্যন্ত উৎপাদন হ’ব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধানৰ উৎপাদন ৰঞ্জিত ধানতকৈ দহ গুণ বেছি।

প্ৰতিষ্ঠানটোত ধান কেইবিধ উৎপাদনৰ নেতৃত্ব বহন কৰা কৃষি বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াৰ মতে এই ধান ৰঞ্জিততকৈ মিহি। মাত্ৰ ১৫০ দিনৰ ভিতৰত পূৰঠ হ’ব এই ধানৰ খেতি।

প্ৰতিষ্ঠানটোৰ কৃষি বিজ্ঞানীসকলে আশা কৰিছে যে অনাগত দিনত এই কেইটা প্ৰজাতিৰ খেতি কৰি ধান উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগস্থান লাভ কৰিব অসমৰ খেতিয়কে। অনাগত দুই তিনিবছৰৰ ভিতৰত অসমৰ পথাৰ প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধানেৰে ভৰি পৰিব বুলি আশা কৰিছে প্ৰতিষ্ঠানটোৰ কৃষি বিজ্ঞানীৰ লগতে বিষয়া সকলে।