ৰাজস্থানে বাল্য বিবাহকে ধৰি বিবাহৰ বাধ্যতামূলক পঞ্জীয়নৰ ওপৰত এখন আইন সংশোধন কৰাৰ বাবে এখন বিধেয়ক গৃহীত কৰিছে।
নতুন বিধেয়ক গৃহীত হোৱাৰ পিছত এতিয়া ৰাজস্থানত বাল্য বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া হ’ব বুলি অভিযোগ কৰি বিৰোধীয়ে বিধানসভাৰ পৰা ওলাই যায় ।
উল্লেখ্য যে, ৰাজস্থান বিধানসভাই শুকুৰবাৰে বিবাহৰ বাধ্যতামূলক পঞ্জীয়নৰ ওপৰত ২০০৯ চনৰ এখন আইন ধ্বনি ভোটৰ জৰিয়তে বাধ্যতামূলক বিবাহ পঞ্জীয়ন (সংশোধনী) বিধেয়ক,২০২১ নামেৰে এখন সংশোধনী আইন গৃহীত কৰে।
বিধেয়কখনে বাল্য বিবাহক ইয়াৰ পৰিধিৰ অধীনলৈ আনিছে, য’ত কোৱা হৈছে যে ২১ বছৰ সম্পূৰ্ণ নকৰা দৰা আৰু ১৮ বছৰ বয়স সম্পূৰ্ণ নকৰা কইনাৰ মাজত বিবাহৰ ৩০ দিনৰ ভিতৰত পিতৃ-মাতৃ বা অভিভাৱকে পঞ্জীয়ন কৰিব পাৰে, বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী শান্তি কুমাৰ ধাৰৱালে কয়।
বিৰোধী বিজেপিয়ে দাবী কৰিছে যে নতুন আইনখনে বাল্য বিবাহক বৈধতা প্ৰদান কৰিব। বিধেয়ক খনৰ বিৰোধিতাৰে বিজেপি বিধায়কসকলে সদন ত্যাগ কৰে।
বিজেপিয়ে বাল্য বিবাহ পঞ্জীয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিধেয়কখন প্ৰত্যাহাৰৰ দাবী জনাইছিল। অৱশ্যে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত বিধেয়কখন অনা হৈছে।
“যদি এই বিধেয়কখন গৃহীত হয় তেন্তে এইটো বিধানসভাৰ বাবে এটা ক’লা দিন হ’ব। বিধানসভাই বাল্য বিবাহৰ দৰে কু প্ৰথা এটাক বৈধতা প্ৰদান কৰিবলৈ অনুমতি দিয়ে নেকি? বিধেয়কখনে বিধানসভাৰ ইতিহাসত এক ক’লা অধ্যায় লিখিব” বিজেপি বিধায়ক অশোক লাহোটিয়ে এইদৰে কয়।
আনহাতে ৰাজ্যখনৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ধাৰিৱালে বিধানসভাত কয়, “বিধেয়কখনে বাল্য বিবাহ বৈধ বুলি কোৱা নাই। বিধেয়কখনত কোৱা হৈছে যে বিবাহৰ পিছত, কেৱল পঞ্জীয়নপ্ৰয়োজন। ইয়াৰ অৰ্থ এইটো নহয় যে বাল্য বিবাহ বৈধ। যদি জিলা উপায়ুক্তই বিচাৰে, তেন্তে বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে।”
এই সংশোধনীটো কেন্দ্ৰীয় আইনৰ বিৰোধিতা নহয়। উচ্চতম ন্যায়ালয়েও ৰায় দিছে যে বিবাহৰ বাধ্যতামূলক পঞ্জীয়ন হ’ব লাগে। সেয়েহে বিধেয়কখনত বাল্য বিবাহ অন্তৰ্ভুক্ত আছে,” ধাৰিৱালে কয়।
তেওঁ লগতে উল্লেখ কৰে যে, এই সংশোধনীয়ে বাল্য বিবাহ বৈধ হ’ব বুলি অনুমোদন দিয়া নাই। বিবাহৰ প্ৰমাণপত্ৰ হৈছে এক আইনী দস্তাবেজ, যাৰ অনুপস্থিতিত এগৰাকী বিধৱাই কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰে।
ইয়াৰ পূৰ্বে, সদনে ধ্বনি ভোটৰ দ্বাৰা বিধেয়কখন প্ৰচাৰ কৰাৰ যি প্ৰস্তাৱ বিৰোধী সদস্যসকলে দাঙি ধৰিছিল, সেই প্ৰস্তাৱ নাকচ কৰে।