NORTHEAST NOW (Assamese)

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

February 28, 2021 4:40 pm · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুভৱ কৰে যে তামিল ভাষা শিকিব নোৱাৰাৰ বাবে তেওঁৰ আক্ষেপ হয়।

দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই কথা সদৰী কৰিছে।

অনুষ্ঠানটোত অৰ্পণা ৰেড্ডি নামৰ তামিলনাডুৰ এগৰাকীৰ শ্ৰোতাই সুধিছিল যে প্ৰধানমন্ত্ৰীজনে সমগ্ৰ ৰাজনৈতিক জীৱনত কিহৰ অভাৱ অনুভৱ কৰে?

‘‘এইটো আক্ষেপৰ কথা যে মই পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ভাষা তামিল শিকিব নোৱাৰিলো। ই এটা সুন্দৰ ভাষা আৰু সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয়।’’ প্ৰধানমন্ত্ৰীয়ে কয়- ‘‘বহুলোকে মোক তামিল সাহিত্যৰ গৰিমা আৰু তামিল কবিতাৰ গভীৰতাৰ কথা কৈছে।’’

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বহুকেইটা ভাষাৰ ভূমি, যি ইয়াৰ সংস্কৃতি আৰু গৌৰৱৰ প্ৰতীক।

উল্লেখযোগ্য যে অহা এপ্ৰিলৰ পৰা তামিলনাডুত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে ব্যস্ত ৰাখিছে।

ইতিমধ্যে কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দক্ষিণ ভাৰতত বিজেপিৰ জয়যাত্ৰা অক্ষুণ্ণ ৰখাত ব্ৰতী হৈছে।

Related News