NORTHEAST NOW (Assamese)

Jioৰ বাবে পুনৰ সুখৱৰ; মুকেশ আম্বানিৰ কোম্পানীত বিনিয়োগ General Atlanticৰ

May 18, 2020 7:00 am · এন ই নাও নিউজ

কৰ’না ভাইৰাছৰ সংহাৰৰ ফলত সমগ্ৰ বিশ্বতে আৰ্থিক মন্দাৱস্থাৰ মাজতো ৰিলায়েন্স জিঅ’ৰ বাবে সুদিন অব্যাহত আছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনৰ টেলিকম কোম্পানীটোত ইতিমধ্যে ফেচবুক, ছিলভাৰ লেক তথা ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছৰ দৰে কোম্পানীয়ে বিনিয়োগ কৰিছে।

এইবাৰ ৰিলায়েন্স জিঅ’ত বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি আহিছে General Atlantic নামৰ কোম্পানীটো।

মুকেশ আম্বানিৰ মালিকাধীন টেলিকম কোম্পানীটোত General Atlanticয়ে ৬,৬০০কোটি টকা বিনিয়োগ কৰিব।

ইয়াৰ দ্বাৰা আমেৰিকাৰ কোম্পানীটোৱে জিঅ’ প্লেটফৰ্মত ১.৩৪ শতাংশ শ্বেয়াৰ লাভ কৰিব।

ৰিলায়েন্স জিঅ’ৰ বজাৰ মূল্য এতিয়া ৫.১৬লাখ কোটি টকা ধৰা হৈছে।

বিনিয়োগ সম্পৰ্কত General Atlantic ৰ মুখ্য কাৰ্যবাহী বিষয়া বিল ফ’ৰ্ডে জানিবলৈ দিয়ে যে তেওঁলোকে দীৰ্ঘম্যাদী লক্ষ্যৰে বিশ্বৰ আগশাৰীৰ কোম্পানী তথা সম্ভাৱনাপূৰ্ণ উদ্যোগপতিৰ লগত আছে।

জিঅ’ত বিনিয়োগ কৰি কোম্পানীটোৱে আনন্দিত বুলি প্ৰকাশ কৰাৰ সমান্তৰালভাৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানিয়ে General Atlanticক গুৰুত্বপূৰ্ণ পাৰ্টনাৰ হিচাপে আদৰণি জনাইছে।

শেহতীয়াকৈ জিঅ’ প্লেটফৰ্মত মুঠ ৬৭,১৯৪.৭৫কোটি টকাৰ বিনিয়োগ আহিছে।

ইয়াৰ পূৰ্বে ফেচবুকে ৪৩,৫৭৪কোটি টকা, ছিলভাৰ লেকে ৫,৬৫৬কোটি টকা আৰু ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছে ১১,৩৬৭ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে।

Related News