অষ্টম মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠৰ স্মৃতিত বাংলাদেশত বৰ্ণাঢ্য অনুষ্ঠান

bhupen-hazarika-ap-1140x570

আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী।

একাধাৰে এগৰাকী প্ৰসিদ্ধ কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীতজ্ঞ তথা চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ মৃত্যু বাষিকীত আজি সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো শিল্পীগৰাকীলৈ অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাইছে।

এই উপলক্ষে বাংলাদেশ শিল্পকলা একাডেমী আৰু অসমৰ এটা সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাছড’ই যৌথভাৱে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে একাডেমীৰ চৌহদত “মোৰা যাত্ৰী একেই তৰণীৰ’ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰিছে।

অনুষ্ঠানত আলোচনা চক্ৰ, গান আৰু নৃত্যৰ প্ৰদৰ্শন হ’ব বিশেষ আকৰ্ষণ।

আৰম্ভণিৰ দিনটোত সন্ধিয়া একাডেমীৰ নেশ্যনেল মিউজিক এণ্ড ড্যান্স চেন্টাৰত ভাৰত আৰু বাংলাদেশৰ শিল্পীয়ে এক সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিব।

কাইলৈ সন্ধিয়া ৬.৩০বজাত একাডেমীৰ নেশ্যনেল থিয়েটাৰ হলত বাংলাদেশ শিল্পকলা একাডেমী আৰু অসম সাহিত্য সভাই যৌথভাৱে আলোচনা,গান, নৃত্য আৰু নাট প্ৰদৰ্শনৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে।

৭ নৱেম্বৰত সামৰণিৰ দিনা সন্ধিয়া ৭ বজাত একাডেমীৰ নেশ্যনেল থিয়েটাৰ হলত বাংলাদেশ শিল্পকলা একাডেমী আৰু অসম সাহিত্য সভাই যৌথভাৱে আয়োজন কৰিছে “কমলা কুঁৱৰীৰ সাধু’ শীৰ্ষক এখনি অসমীয়া নাটৰ।

কমলা কুঁৱৰীৰ সাধুৰ ওপৰত ড০ পৰমানন্দ ৰাজবংশীৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনাৰে নাটখন আগবঢ়াব অসম কলাতীৰ্থ আৰু এছ বি মুভিছে।

মানৱতা আৰু বিশ্ব ভাতৃত্ববোধৰ ভাৱধাৰাৰে নিজেই অসমীয়াত ৰচনা কৰা আৰু কণ্ঠদান কৰা সুধাকণ্ঠৰ গানসমূহ বিশেষকৈ হিন্দী আৰু বাংলাকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ কৰি পৰিৱেশিত হৈছে।

সুধাকণ্ঠৰ জনপ্ৰিয়তা ভাৰতৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাংলাদেশত অতুলনীয়। শিল্পীগৰাকীৰ গীতে সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে বোৱাইছে “জেউতি নিজৰাৰে ধাৰ’।