NORTHEAST NOW (Assamese)

ঐতিহাসিক শিৱদ’লৰ ভিতৰত হাতুৰীৰ কোব! উঠাই দিয়া হৈছে শিৱ লিংগ, কিন্তু কিয়?

April 10, 2022 4:50 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

ঐতিহাসিক শিৱদ’লৰ ভিতৰত হাতুৰীৰ কোব! ভাঙি দিয়া হৈছে দ’ল ভিতৰ অংশ। উঠাই দিয়া হৈছে শিৱ লিংগ।
ভাঙি দিয়া হৈছে মজিয়াৰ টাইলছ। এটা ভাইৰেল ভিডিঅক লৈ সামাজিক মাধ্যমত এতিয়া ব্যাপক চৰ্চা চলিছে।

পিছে কিয় ভাঙি দিয়া হৈছে শিৱদ’লৰ ভিতৰৰ মজিয়া, কিয় উঠাই দিয়া হৈছে শিৱ লিংগকে ধৰি বহু মূৰ্তি?

৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম সাক্ষী শিৱসাগৰৰ শিৱদ’ল। প্ৰায় ৩০০ বছৰ অতিক্ৰম কৰা এচিয়াৰ ভিতৰত সুউচ্চ সোণৰ কলচী যুক্ত এই শিৱদ’লক বৰ্তমান বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। সেইবাবেই পূৰাতত্ব বিভাগে চেষ্টা কৰিছে ৩০০ বছৰীয়া দ’লটোক পুৰণি ৰূপ দিয়াৰ।

দ’লৰ ভিতৰত বা দ’ল চৌহদত নতুনকে নিৰ্মাণ কৰা সকলো নিৰ্মাণ কাৰ্য উঠাই দি পুৰণি ৰূপ দিবলৈ চেষ্টা কৰাৰ বাবেই দ’লৰ ভিতৰৰ মজিয়াৰ টাইলছ, মূৰ্তি আদি আঁতৰাই পেলোৱা হৈছে। লগতে দ’ল চৌহদত থকা ৰাম জানকী মন্দিৰ, শনি মন্দিৰ, দ’ল উন্নয়ন পৰিষদৰ কাৰ্যালয়, গায়ন গাওঁ সমাজৰ কাৰ্যালয় আদি ভাঙি অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে।

এই সম্পৰ্কত দ’ল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত গগৈয়ে আমাৰ শিৱসাগৰৰ সাংবাদিকৰ আগত এইদৰে কয়—
‘শিৱদৌল হৈছে আহোম ৰাজত্ব কালৰ ঐতিহাসিক কীৰ্তিচিহ্ন। । সেই সময়ছোৱাত টাইলছ জাতীয় সামগ্ৰী নাছিল। অথবা বৰ্তমানৰ চিমেণ্ট আদিৰ কথাও নাহে । ঐতিহাসিক সম্পদ আগৰ দৰেই থকাটো বিচাৰে।

এনে সম্পদত আধুনিক প্ৰযুক্তিৰ সৃষ্টি টাইলছ আদি লগোৱাত বাধা আছে। শিৱদৌলৰ ভিতৰৰ এই অংশ আহোম ৰাজত্ব কালৰ নহয় । সেয়ে উক্ত অংশ আঁতৰাই দিয়াৰ নিৰ্দেশনা দিছে পুৰাতত্ত্ব বিভাগে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে। আহোম ৰাজত্ব কালত যি ৰূপত শিৱদৌল নিৰ্মাণ কৰা হৈছিল সেইমতেই থাকিব লাগিব। কিছুমান অংশ আহোম ৰাজত্ব কালৰ পিছত লগোৱা। সেইবিলাক বৰ্তমান আঁতৰাই দিয়া হৈছে’ ।

শিৱদ’লৰ ভিতৰৰ কিছু অংশ আঁতৰাই দিয়াকলৈ বৰ্তমান বহুজনৰ মাজত সৃষ্টি হৈছে কৌতূহল আৰু প্ৰতিক্ৰিয়াৰ ।

Related News