• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, গোচৰ ৰুজু

বৌদ্ধিক সমাজত ব্যাপক প্ৰতিক্ৰিয়া

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
April 10, 2022 4:33 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত তথা গৰিমামণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰে দুগৰাকী অধ্যাপিকাই যৌন নিৰ্যাতন আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।

মহাবিদ্যালয় খনৰ হাৰ্বেল চায়েঞ্চ এণ্ড টেকন’ল’জি বিভাগৰ এগৰাকী অস্থায়ী অধ্যাপিকাই অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপিত কৰি নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰু’জু কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ নগাঁও চহৰখনক এডুকেশ্বনেল হাব সৃষ্টি হোৱা বুলি উচ্চাৰিত হোৱাৰ বিপৰীতে এখন উচ্চ শিক্ষানুষ্ঠানৰ স্বয়ং মুৰব্বীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হোৱাত সমগ্ৰ বৌদ্ধিক সমাজতে সৰৱ চৰ্চা আৰম্ভ কৰিছে।

Apply Now

ইতিমধ্যে অধ্যাপিকা গৰাকীয়ে নগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ৪৩০/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ এ, ৩৭৬,৫১১ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে, বিগত সময়খিনিত অধ্যক্ষ গৰাকীয়ে সহকৰ্মী আন এগৰাকী অধ্যাপিকাকো যৌন নিৰ্যাতন চলোৱাৰ লগতে অশালীন ইংগিত দিয়া, মানসিক নিৰ্যাতন চলোৱাৰ আন এক অভিযোগো  আৰক্ষীৰ ওচৰত দাখিল কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অধ্যাপিকা গৰাকীয়ে আৰক্ষী থানাত দাখিল কৰা অভিযোগ অনুসৰি- অধ্যক্ষ গৰাকীয়ে নিজৰ ব্যক্তিগত বাহনত এদিন অধ্যাপিকা গৰাকীক অকলশৰীয়াকৈ উঠাই জিলাখনৰ কঠিয়াতলীৰ ৰেংবেঙত থকা মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত বাগিচা পৰিদৰ্শন কৰিবলৈ লগত নিয়ে।

উক্ত দিনা বাগিচাখনৰ চোৱা-চিতা কৰা কৰ্মচাৰী গৰাকী নথকাৰ সুবিধাতে মহিলা অধ্যাপিকা গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি অধ্যাপিকা গৰাকীৰ ম’বাইলত মেচেজ দি হেঁচা প্ৰয়োগ কৰা, অধ্যাপিকা নিযুক্তিৰ ক্ষেত্ৰতো নিজৰ ক্ষমতা প্ৰয়োগ কৰি নিৰ্যাতন চলোৱাৰ লগতে অধ্যক্ষ গৰাকীক সহযোগ কৰিবলৈও চেষ্টা অব্যাহত ৰখা বুলি লিখিত অভিযোগনামাত উল্লেখ কৰিছে। আনহাতে, আনগৰাকী অধ্যাপিকাক মহাবিদ্যালয় খনৰ চৌহদৰ ছাত্ৰী নিবাসৰ ৱাৰ্ডেন নিযুক্ত কৰাৰ পাছত সন্ধিয়া সময়ত যৌন নিৰ্যাতন চলোৱাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে।

নিজৰ ক্ষমতাৰ অপব্যৱহাৰৰ কৰি সহকৰ্মী অধ্যাপিকাক কৰা নিৰ্যাতনৰ ঘটনাটো যদি সত্য হয় তেন্তে মহাবিদ্যালয় খনক কলংকিত কৰা বুলি স্বয়ং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই প্ৰকাশ কৰিছে।

ইপিনে, অভিযোগকাৰী অধ্যাপিকা দুগৰাকীয়ে এই অভিযোগৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি সকলো লৈকে প্ৰেৰণ কৰি কৰ্মস্থলীত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰাৰ্থনা জনায়।

অন্যহাতে, আজি বিয়লি অধ্যক্ষ গৰাকীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি অধ্যাপিকা গৰাকীৰ বিৰুদ্ধে আন এক লিখিত অভিযোগ আৰক্ষী থানাত দাখিল কৰিছে।

এতিয়া কোন দোষী কোন নিৰ্দোষী তদন্ত কৰি আৰক্ষীয়ে প্ৰকৃত সত্য উদ্ঘাটন কৰিব বুলি নগাঁওবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd