বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক ‘বিজু ফুকন বঁটা’ প্ৰদান

DSC 06

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক বিজু ফুকন বঁটা প্ৰদান কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো: জনসংযোগ

অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়াক সোমবাৰে ৰাজ্য চৰকাৰে ২০১৯ বৰ্ষৰ বিজু ফুকন বঁটাৰে সন্মানিত কৰে। ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু ৰাজ্যিক সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এক অনুষ্ঠানত বিশিষ্ট অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্য চৰকাৰে অসমীয়া চলচ্চিত্ৰ জগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক বিজু ফুকনৰ স্মৃতিত চলিত বৰ্ষৰ পৰা তেওঁৰ ওপজা দিনৰ লগত সংগতি ৰাখি প্ৰৱৰ্তন কৰা এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক আৰু দুই লাখ টকাৰ এখন চেক।

‘ডাঃ বেজবৰুৱা’ৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ কৰি বিজু ফুকনে বহু কেইখন ছবিত অভিনয় কৰি স্বকীয় প্ৰতিভাৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগক সমৃদ্ধ কৰি থৈ গৈছে।

প্ৰয়াত বিজু ফুকনক শ্ৰদ্ধাৰে সুঁৱৰি মুখ্যমন্ত্ৰীয়ে কয়,‘’বিজু দাই অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানক নতুন প্ৰজন্মই অনুধাৱন কৰিব লাগিব। ৰাজ্যখনৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী শক্তিশালী অভিনেতা বিষ্ণু খাৰঘৰীয়াক প্ৰথিতযশা অভিনেতা বিজু ফুকনৰ নামত প্ৰথমবাৰৰ বাবে বঁটা প্ৰদান কৰিবলৈ পাই অত্যন্ত সুখী হৈছো।‘’

তেওঁ লগতে শিল্পী তথা কলা-কুশলীসকলক উৎসাহিত কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সকলোৱে মিলি চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী ৰূপত আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে।

ইপিনে,অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰীয়ে ‘বিজু বৈভৱ’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে।

উক্ত অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী, বিধায়ক আঙুৰলতা ডেকা, প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, বিশিষ্ট অভিনেতা ভিক্টৰ বেনাৰ্জী, নিপন গোস্বামী, বিদ্যা ৰাওকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।