হেম বৰাৰ নতুন ছুটি ছবিৰ মহুৰত : বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন লোকেশ্যনত দৃশ্যগ্ৰহণ

ডে ড্ৰিমছ

নির্মীয়মান ছুটি ছবি 'ডে ড্ৰিমছ'ৰ এটি দৃশ্য। ফটো : উত্তম শইকীয়া

সুদীৰ্ঘ দিনৰ পাছত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উভতি আহিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা হেম চন্দ্ৰ বৰা ৷ ‘নিয়তি’ আৰু ‘সংকল্প’ নামৰ কথাছবিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা হেমচন্দ্ৰ বৰাই এখন নতুন অসমীয়া ছুটি ছবি নিৰ্মাণৰ কাম বোকাখাতৰ বিভিন্ন লোকেশ্যনত ইতিমধ্যে আৰম্ভ কৰিছে ৷

যোৱা ২৪ আগষ্টত বোকাখাতৰ ধনশিৰিমুখৰ নদীৰ পাৰত ছবিখনৰ শুভ মহুৰত অনুষ্ঠিত হয় ৷ অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতা, বোকাখাতৰ ইলেক্ট্ৰনিকচ মিডিয়া জাৰ্নেলিষ্ট এছোচিয়েশ্যনৰ সম্পাদক প্ৰদ্যুত মহন্তৰ উপৰিও স্থানীয় বহু লোক আৰু ছবিখনৰ কলাকুশলীসকল উপস্থিত থাকে ৷

হেম বৰাৰ নিৰ্মীয়মান ছুটি ছবি ‘ডে ড্ৰিমছ’ৰ এটি দৃশ্যাংশ। ফটো : উত্তম শইকীয়া

মহুৰত অনুষ্ঠানত জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই নাৰিকল ভাঙি আৰু ভৱানন্দ কলিতাই কেমেৰাত গামোছা দি ছবিখনৰ শুভ উদ্বোধন কৰে ৷ জলী ফিল্মচৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ‘ডে ড্ৰিমছ’ নামৰ এই ছুটি অসমীয়া ছবিখনৰ কাহিনী ,চিত্ৰনাট্য আৰু পৰিচালনা হেম চন্দ্ৰ বৰাৰ।

ছবিখনৰ সহযোগী পৰিচালনা দিপক কুমাৰ ৰয়ৰ ৷ সহকাৰী পৰিচালক হিচাপে আছে উত্তম শইকীয়া আৰু  সমাদ্ৰিতা ৰুদ্ৰাজ বৰা গগৈ ৷ চিত্ৰগ্ৰহণ কৰিছে নৱ কুমাৰ দাসে ৷ মননশীল এই ছবিখনত অভিনয় কৰিব অনিন্দিতা ৰূদ্ৰাজ বৰা,  দিপক কুমাৰ ৰয় , ৰাজেন ফুকন, ৰিন্টু শইকীয়া, চন্দ্ৰ কান্ত ভূঞা,  জিনুমনি ডেকা,  দিপ ঠাকুৰীয়া,  মৃতুঞ্জয় শইকীয়া, ৰূপা হাজৰিকা আৰু শিশু শিল্পী গ্ৰান্থিক বৰাৰ লগতে ন পুৰণি শিল্পীয়ে।

অহা ১০ দিনত বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন প্ৰান্তত এই ছুটি ছবিখনৰ দৃশ্যগ্ৰহণ সম্পুৰ্ণ কৰিব বুলি ছবিখনৰ পৰিচালক হেম চন্দ্ৰ বৰাই জনাইছে ৷