অসমৰ বৌদ্ধিক আৰু সাহিত্যিক জগতৰ এগৰাকী নিষ্ঠাৱান গৱেষক তথা বৌদ্ধ পণ্ডিত বৌউনাথন গগৈৰ যোৱা নিশা প্ৰায় ১০ বজাত ডিব্ৰুগড়ৰ খোৱাংস্থিত ভগ্নীৰ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ।
বিগত প্ৰায় এপষেক ধৰি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত তেওঁ অলপতে সুস্থ হৈ ভগ্নীৰ ঘৰলৈ আহিছিল যদিও বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।
১৯৪৫ চনৰ ২৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ খোৱাং বৰপথাৰ বৌদ্ধ গাঁৱত জন্মগ্ৰহণ কৰা গগৈয়ে ডিব্ৰুগড়ৰ ডি এইচ এছ কে মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কৰ্ণাটক বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
প্ৰয়াত গগৈয়ে নাগালেণ্ড সচিবালয়ৰ উপ-সচিবৰ দৰে এক গুৰুত্বপূৰ্ণ তথা দায়িত্বশীল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো তেখেতে নিয়মীয়াকৈ বৌদ্ধিক চিন্তা-চৰ্চা অব্যাহত ৰাখিছিল। অৱসৰৰ পিছত ডিব্ৰুগড়ৰ এটা ভাড়াঘৰত থাকি তেখেতে সাহিত্য সাধনাৰ বাবে নিজকে উচৰ্গা কৰিছিল।
সাহিত্য জগতত তেখেতে ‘বি গগৈ’ নামেৰে পৰিচিত আছিল আৰু বিভিন্ন বাতৰি কাকত তথা আলোচনীত তেখেতৰ শতাধিক গৱেষণামূলক তথা তথ্যসমৃদ্ধ প্ৰবন্ধ প্ৰকাশ পাইছে। এজন বিদগ্ধ বৌদ্ধ পণ্ডিত হিচাপে তেখেতৰ পাণ্ডিত্য আছিল অসামান্য। বিশেষকৈ টাই-বৌদ্ধ সংস্কৃতি আৰু ইয়াৰ ঐতিহ্যৰ ওপৰত তেখেতে কৰা কামসমূহ আছিল অতিশয় মূল্যৱান। অতি দুখৰ বিষয় যে মৃত্যুৰ সময়ত তেখেতে কেইবাখনো পাণ্ডুলিপি আৰু গ্ৰন্থ ছপাশালত ডি টি পি কৰা অৱস্থাতে আধৰুৱাকৈ এৰি থৈ গৈছে।
অবিবাহিত গগৈয়ে মৃত্যুৰ সময়ত পাঁচগৰাকী ভগ্নী, তিনিগৰাকী ভাতৃৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে।
এগৰাকী উদাৰমনা গৱেষক হিচাপে তেখেতৰ মৃত্যুত ৰয়েল আহোম ছ’চাইটি, বৌদ্ধ ঐক্য সমাজ আৰু চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ দৰে বিভিন্ন ধৰ্মীয় তথা সামাজিক অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ বিয়োগত কেৱল বৌদ্ধ সমাজেই নহয়, সমগ্ৰ অসমৰ বৌদ্ধিক মহলে এগৰাকী সত্যসন্ধানী গৱেষকক হেৰুৱালে। বিভিন্ন অনুষ্ঠানে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি তথা সদ্গতি কামনা কৰিছে।





