বিশিষ্ট সাংবাদিক, ৰাজনীতিবিদ মনজিত মহন্তৰ পৰলোকপ্ৰাপ্তি

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা ৰাজনীতিবিদ মনজিত মহন্তৰ পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৫ বছৰ।

সোমবাৰে পুৱা প্ৰায় ২ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই। তেওঁ আজি কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ জিএমচিএইচত ভৰ্তি হৈ আছিল।

সাংবাদিকতা আৰু ৰাজনীতি দুয়োটা ক্ষেত্ৰতে আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে  সুপৰিচিত আছিল মহন্ত।

আজি তেওঁৰ মৃতদেহ জিএমচিএইচৰ পৰা গীতানগৰৰ মন্দিৰ পথৰ তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ’ব। তাৰপিছত নৱগ্ৰহত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব।

প্ৰয়াত মনজিত মহন্তৰ পিতৃ স্বৰ্গীয় চাৰু মহন্তও ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংবাদিক আছিল।

১৯৮৭ চনত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক মনজিত মহন্তই আজিৰ অসমত সুদীৰ্ঘ দিন সাংবাদিকতা কৰাৰ পিছত অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নত বাৰ্তা সম্পাদক আৰু পিছত কাৰ্যবাহী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মহন্তই কেইবাটাও বৈদ্যুতিন মাধ্যম নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ অহাৰ সময়ছোৱাত মহন্তই বিভিন্ন গণ বিক্ষোভ কাৰ্যসূচীৰ নেতৃত্বত অংশ লৈছিল। মনজিত মহন্তই সাংসদ অজিত ভূঞাৰ সৈতে আঞ্চলিক গণ মৰ্চা গঠন কৰিছিল।

পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছ দলৰ পৰাই তেওঁ ২০২১ চনত দিছপুৰ সমষ্টিৰ পৰা অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

মনজিত মহন্তৰ অকাল বিয়োগ সাংবাদিকতা আৰু ৰাজনীতিৰ ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।