প্ৰখ্যাত কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক প্ৰীতিশ নন্দীৰ দেহাৱসান ঘটিছে। বুধবাৰে (৮ ডিচেম্বৰ) দক্ষিণ মুম্বাইৰ নিজা বাসগৃহত হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স আছিল ৭৩ বছৰ। সন্ধিয়া মুম্বাইত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
ইংৰাজী ভাষাত প্ৰায় ৪০ খন কবিতা পুথি আছে নন্দীৰ। ইয়াৰ বাহিৰেও তেওঁ কেইবাটাও ভাৰতীয় ভাষাৰ বহু কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁ ঈশোপনিষদৰ নতুন ইংৰাজী সংস্কৰণ এটাও প্ৰস্তুত কৰিছিল।
লেখা-মেলাৰ উপৰিও প্ৰীতিশ নন্দীয়ে সাংবাদিকতাও কৰিছে। দীৰ্ঘদিন ধৰি তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ পাব্লিছিং ডিৰেক্টৰ আছিল। ইয়াৰ উপৰিও তেওঁ ‘দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়া’, ‘দ্য ইণ্ডিপেণ্ডেণ্ট’, আৰু ‘ফিল্মফেয়াৰ’ আদি কাকতৰ সম্পাদক আছিল। ‘দৈনিক ভাস্কৰ’, ‘সংবাদ প্ৰতিদিন’, ‘মুম্বাই মিৰ’ৰ’ আদি কাকতত তেওঁ নিয়মীয়াকৈ স্তম্ভ লিখিছিল।
লগতে পঢ়কঃ অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান
তেওঁৰ সংস্থাৰ বেনাৰত তেওঁ ‘সুৰ’, ‘কাঁটে’, ‘ঝংকাৰ বিটছ’, ‘চামেলি’, ‘হাজাৰো খোৱাইছে আইছি’, ‘পিয়াৰ কে চাইড ইফেক্টছ’ আদি বহু ছবি নিৰ্মাণ কৰিছিল। শেহতীয়াকৈ সংস্থাটোৱে ‘ফোৰ ম’ৰ শ্বটছ প্লিজ’ আৰু ‘মডাৰ্ণ লাভ মুম্বাই’ৰ দৰে ৱেব ছিৰিজও নিৰ্মাণ কৰিছে। প্ৰীতিশ এসময়ত মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদও আছিল। অবিভক্ত শিৱসেনাই তেওঁক ৰাজ্যসভালৈ পঠিয়াইছিল।
তেওঁৰ মৃত্যুৰ কথা বুধবাৰে ছ’চিয়েল মিডিয়াত ঘোষণা কৰে তেওঁৰ এজন বন্ধু অভিনেতা-ৰাজনীতিবিদ অনুপম খেৰে। তেওঁ লিখিছে, “মোৰ এজন প্ৰিয় আৰু ঘনিষ্ঠ বন্ধু পৃতীশ নন্দীৰ মৃত্যুত মই গভীৰভাৱে দুখী আৰু স্তম্ভিত হৈছো! আচৰিত কবি, লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু এজন অবিশ্বাস্যভাৱে সাহসী আৰু অনন্য সম্পাদক আৰু সাংবাদিক!”
লগতে পঢ়কঃ টিকট বিতৰণক কেন্দ্ৰ কৰি প্ৰচণ্ড ঠেলা হেঁচা; তিৰুপতি মন্দিৰত পদপিষ্ট হৈ কমেও ৬ জন নিহত
অনুপম খেৰে লগতে লিখিছে, “মুম্বাইত মোৰ প্ৰাৰম্ভিক দিনবোৰত তেওঁ মোক সহায় কৰিবলৈ আৰু শক্তি দিবলৈ তাত আছিল। মই লগ পোৱা আটাইতকৈ নিৰ্ভীক মানুহবোৰৰ ভিতৰত তেওঁৱো এজন। সদায় লাৰ্জাৰ দেন লাইফ আছিল। আমাৰ মাজত বহুত মিল আছিল। তেওঁৰ পৰা বহু কথা শিকিলোঁ। ইয়াৰ পিছত আমি ইজনে সিজনক খুব কমেইহে লগ পাইছিলো। কিন্তু এটা সময় আছিল যেতিয়া তেওঁ আৰু মই অবিচ্ছেদ্য আছিলোঁ। ফিল্মফেয়াৰ আৰু ইলাষ্ট্ৰেটেড উইকলিৰ কভাৰত মোৰ ছবি ছপাই তেওঁ মোক কেনেকৈ আচৰিত কৰিছিল মই কেতিয়াও পাহৰিব নোৱাৰো। মোৰ বন্ধু আছিল। বন্ধু, তোমাক আৰু আমি একেলগে কটোৱা সময়খিনিক বহুত মিছ কৰিম। যোৱা, ভালদৰে জিৰণি লোৱা।”