• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰখ্যাত কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা প্ৰীতিশ নন্দীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2025 10:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখ্যাত কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক প্ৰীতিশ নন্দীৰ দেহাৱসান ঘটিছে। বুধবাৰে (৮ ডিচেম্বৰ) দক্ষিণ মুম্বাইৰ নিজা বাসগৃহত হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স আছিল ৭৩ বছৰ। সন্ধিয়া মুম্বাইত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

ইংৰাজী ভাষাত প্ৰায় ৪০ খন কবিতা পুথি আছে নন্দীৰ। ইয়াৰ বাহিৰেও তেওঁ কেইবাটাও ভাৰতীয় ভাষাৰ বহু কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁ ঈশোপনিষদৰ নতুন ইংৰাজী সংস্কৰণ এটাও প্ৰস্তুত কৰিছিল।

Apply Now

লেখা-মেলাৰ উপৰিও প্ৰীতিশ নন্দীয়ে সাংবাদিকতাও কৰিছে। দীৰ্ঘদিন ধৰি তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ পাব্লিছিং ডিৰেক্টৰ আছিল। ইয়াৰ উপৰিও তেওঁ ‘দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়া’, ‘দ্য ইণ্ডিপেণ্ডেণ্ট’, আৰু ‘ফিল্মফেয়াৰ’ আদি কাকতৰ সম্পাদক আছিল। ‘দৈনিক ভাস্কৰ’, ‘সংবাদ প্ৰতিদিন’, ‘মুম্বাই মিৰ’ৰ’ আদি কাকতত তেওঁ নিয়মীয়াকৈ স্তম্ভ লিখিছিল।

লগতে পঢ়কঃ অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান

তেওঁৰ সংস্থাৰ বেনাৰত তেওঁ ‘সুৰ’, ‘কাঁটে’, ‘ঝংকাৰ বিটছ’, ‘চামেলি’, ‘হাজাৰো খোৱাইছে আইছি’, ‘পিয়াৰ কে চাইড ইফেক্টছ’ আদি বহু ছবি নিৰ্মাণ কৰিছিল। শেহতীয়াকৈ সংস্থাটোৱে ‘ফোৰ ম’ৰ শ্বটছ প্লিজ’ আৰু ‘মডাৰ্ণ লাভ মুম্বাই’ৰ দৰে ৱেব ছিৰিজও নিৰ্মাণ কৰিছে। প্ৰীতিশ এসময়ত মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদও আছিল। অবিভক্ত শিৱসেনাই তেওঁক ৰাজ্যসভালৈ পঠিয়াইছিল।

তেওঁৰ মৃত্যুৰ কথা বুধবাৰে ছ’চিয়েল মিডিয়াত ঘোষণা কৰে তেওঁৰ এজন বন্ধু অভিনেতা-ৰাজনীতিবিদ অনুপম খেৰে। তেওঁ লিখিছে, “মোৰ এজন প্ৰিয় আৰু ঘনিষ্ঠ বন্ধু পৃতীশ নন্দীৰ মৃত্যুত মই গভীৰভাৱে দুখী আৰু স্তম্ভিত হৈছো! আচৰিত কবি, লেখক, চলচ্চিত্ৰ নিৰ্মাতা আৰু এজন অবিশ্বাস্যভাৱে সাহসী আৰু অনন্য সম্পাদক আৰু সাংবাদিক!”  

লগতে পঢ়কঃ টিকট বিতৰণক কেন্দ্ৰ কৰি প্ৰচণ্ড ঠেলা হেঁচা; তিৰুপতি মন্দিৰত পদপিষ্ট হৈ কমেও ৬ জন নিহত

অনুপম খেৰে লগতে লিখিছে, “মুম্বাইত মোৰ প্ৰাৰম্ভিক দিনবোৰত তেওঁ মোক সহায় কৰিবলৈ আৰু শক্তি দিবলৈ তাত আছিল। মই লগ পোৱা আটাইতকৈ নিৰ্ভীক মানুহবোৰৰ ভিতৰত তেওঁৱো এজন। সদায় লাৰ্জাৰ দেন লাইফ আছিল। আমাৰ মাজত বহুত মিল আছিল। তেওঁৰ পৰা বহু কথা শিকিলোঁ। ইয়াৰ পিছত আমি ইজনে সিজনক খুব কমেইহে লগ পাইছিলো। কিন্তু এটা সময় আছিল যেতিয়া তেওঁ আৰু মই অবিচ্ছেদ্য আছিলোঁ। ফিল্মফেয়াৰ আৰু ইলাষ্ট্ৰেটেড উইকলিৰ কভাৰত মোৰ ছবি ছপাই তেওঁ মোক কেনেকৈ আচৰিত কৰিছিল মই কেতিয়াও পাহৰিব নোৱাৰো। মোৰ বন্ধু আছিল। বন্ধু, তোমাক আৰু আমি একেলগে কটোৱা সময়খিনিক বহুত মিছ কৰিম। যোৱা, ভালদৰে জিৰণি লোৱা।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd