• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল কৰি তোলে’: ‘ৰণাংগন সন্মান’ গ্ৰহণ কৰি হোমেন বৰগোহাঞি

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , February 3, 2021 8:48 pm

2 min read

IMG-20210203-WA0002

ৰণাংগন সন্মান গ্ৰহণ কৰাৰ মুহূৰ্তত প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি। ফটো: নৰ্থইষ্ট নাও।

166
VIEWS
Share on FacebookShare on Twitter

‘‘বঁটা বা সন্মানে মোক অধিক সৃষ্টিশীল হ’বলৈ ব্যধ্য কৰি তোলে, দায়বদ্ধ কৰি তোলে।’’ আজি ৰণাংগন সন্মান, ২০২০ গ্ৰহণ কৰি প্ৰথিতযশা সাহিত্যিক, চিন্তাবিদ, সাংবাদিক হোমেন বৰগোহাঞিয়ে এই অভিমত ব্যক্ত কৰে৷

আজি সাহিত্যিকগৰাকীৰ নিজা বাসভৱনত অনাড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

বঁটা গ্ৰহণ কৰি প্ৰথিতযশা সাহিত্যিক বৰগোহাঞিয়ে লগতে কয় যে মোৰ গৃহত ইমান লোকৰ পদধূলা পৰাটোৱেই মোৰ বাবে পুৰস্কাৰ, মই ধন্য হ’লো।

আজি ৰণাংগন সন্মান প্ৰদান অনুষ্ঠানত বৰগোহাঞিক পাটৰ চেলেং, গামোচা, শৰাই, প্ৰশস্তি পত্ৰ, গ্ৰন্থৰ টোপোলা, নগদ দহ হেজাৰ টকা আৰু এটি স্মাৰকেৰে সন্মানিত কৰা হয়৷

ৰণাংগন সন্মানৰ বিশেষ স্মাৰকটি প্ৰদান কৰে সুলেখক তথা ইংৰাজী সাহিত্যৰ পণ্ডিত ড॰ দয়ানন্দ পাঠকে। স্মাৰক প্ৰদান কৰি ড॰ পাঠকে কয় যে, এই বঁটাৰে হোমেন বৰগোহাঞি ধন্য হোৱা নাই, বঁটাটোহে ধন্য হ’ল। এনে এজন প্ৰসিদ্ধ ব্যক্তিক ৰণাংগন সন্মানৰ বাবে নিৰ্বাচিত কৰাটোৱেই উচিত পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

ড০ পাঠকে লগতে কয় যে তেওঁ এগৰাকী নিজস্ব চিন্তা-চৰ্চা, ধ্যান-ধাৰণাৰে পৰিচালিত, কাৰো দ্বাৰা বিচলিত নোহোৱা চিন্তাবিদ। কেইবাটাও প্ৰজন্মক তেওঁ জ্ঞাতসাৰেই হওক, অজ্ঞতাসাৰেই হওক উদ্বুদ্ধ কৰি ৰাখিছে।

যোৱা বৰ্ষৰ এপ্ৰিল মাহতে এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও ক’ভিড সৃষ্ট পৰিস্থিতিৰ লকডাউনৰ বাবে বঁটা প্ৰদান কাৰ্যসূচী স্থগিত ৰাখিব লগা হৈছিল।

প্ৰতি বছৰে অসমৰ শিল্প, সাহিত্য আৰু সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা এজন বৰেণ্য ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়।

এই অনুষ্ঠানত ৰণাংগনৰ সম্পদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা, সম্পাদক মিণ্টু দাস, পৰিচালন সম্পাদক সঞ্জীৱ বৰা, ষ্টাফ ৰিপ’টাৰদ্বয় চালাহউদ্দিন, দীপেন শইকীয়াও উপস্থিত থাকে।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd