জটিল ৰোগত আক্ৰান্ত বিশিষ্ট মঞ্চ অভিনেতা নৰেন শইকীয়া; উন্নত চিকিৎসাৰ বাবে সাহায্য আহ্বান

Naren Saikia

জটিল ৰোগত আক্ৰান্ত মঞ্চ অভিনেতা নৰেন শইকীয়া।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী তথা বিশিষ্ট মঞ্চ অভিনেতা নৰেন শইকীয়া এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান আৰ্থিক অনাটনৰ বাবে ঘৰতে চিকিৎসাধীন অৱস্থাত আছে ৷

নটৰাজ, বৰলুইত, শ্ৰীমন্ত শংকৰ মাধৱ, মনিকাঞ্চন, সপ্তৰ্ষি, চিলাৰায়, দিব্যমনি, বিষ্ণুজ্যোতি আদিকে ধৰি বিভিন্ন ভ্ৰাম্যমান নাট্য দলত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা বিশিষ্ট অভিনেতা নৰেন শইকীয়াৰ উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন হোৱাত পৰিয়ালে বৰ্তমান অসম চৰকাৰৰ লগতে ৰাইজৰ ওচৰত সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে ৷

জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ নিজ ভেলেউগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী তথা বিশিষ্ট মঞ্চ অভিনেতা নৰেন শইকীয়া আজিৰ পৰা চাৰিমাহ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈছিল ৷

লগতে পঢ়ক:গৌৰব গগৈৰ দাবী: যোগী আদিত্যনাথক অনুকৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই

প্ৰথম অৱস্থাত বিশিষ্ট অভিনেতাজনক নগাঁও আৰু পৰৱৰ্তী সময়ত গুৱাহাটীত চিকিৎসা কৰাই আছে যদিও আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ বাবে নিব পৰা নাই ৷

মঞ্চ অভিনেতাজনক পৰিয়ালৰ লোকে সাঁচতীয়া টকাৰে চিকিৎসা কৰিছিল যদিও বৰ্তমান আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাই ৷ ফলত অভিনেতা গৰাকীৰ পত্নী বৰ্তমান দিশহাৰা হৈ পৰিছে ৷

বৰ্তমান পৰিয়ালটোৰ বাবে নামি আহিছে ঘোৰ অমানিশা ৷ অভিনেতা নৰেন শইকীয়াক সুস্থ কৰিবলৈ তথা উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন ৷

ইয়াৰ বাবে অভিনেতা গৰাকীৰ পত্নীয়ে নিজ স্বামীক সুস্থ কৰিবৰ কাৰণে তথা উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে সুহৃদ ৰাইজৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:বিজেপিয়ে কোনোবাদিনা অসমখনকে কৰ্পোৰেটক লীজত দিব পাৰে: আছু

ৰাজ্য চৰকাৰৰ লগতে কোনো সুহৃদ ব্যক্তি আৰু দল-সংগঠনে মঞ্চ অভিনেতা গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংক চামগুৰি শাখাত থকা Account No 30773562456 IFC SBiN 002119 নম্বৰ আৰু ৬৯০১৩০৬৮৮১ ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷