বাতৰি অনুসৰি শুকুৰবাৰে সহযোগী গোট হাক্কানি নেটৱৰ্কৰ সৈতে নিজৰ গোটৰ সংঘাতৰ সময়ত তালিবানৰ সহ প্ৰতিষ্ঠাতা মোল্লা আব্দুল ঘানি বৰাদৰে আঘাত পোৱাৰ বাবে আফগানিস্তানত তালিবানৰ নেতৃত্বত চৰকাৰ গঠনত বিলম্ব ঘটিছে।
এই সংঘাতৰ পাছতে পাকিস্তানৰ আইএছআইৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল ফাইজ হামিদ শনিবাৰে কাবুললৈ ৰাওনা হৈছে আৰু সংকটমোচক হিচাপে চৰকাৰ গঠনত ভূমিকা ল’বলৈ বাহৰ পাতিছে।
বাতৰিত কোৱা হৈছে যে হামিদে কাবুলত উপস্থিত হৈ এটা ভিডিঅ’ বাৰ্তাত কৈছে,’’চিন্তা নাই, সকলো ঠিকে ঠাকেই আছে।‘’
আইএছআইৰ মুৰব্বী হামিদে তালিবান নেতৃত্বৰ সৈতে সাক্ষাৎ কৰা সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ মাত্ৰ তাত উপস্থিত হৈছে, আফগানিস্তানত শান্তি তথা সুস্থিৰতাৰ বাবে কাম কৰিব।
দেশখনত শাসন প্ৰতিষ্ঠাৰ মুহূৰ্তত তালিবানৰ দুটা ফৈদৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাতৰ পাছতে পাকিস্তানৰ শীৰ্ষ চোৰাংচোৱা বিষয়াগৰাকীৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।
সূত্ৰসমূহৰ মতে শুকুৰবাৰে নিশা কাবুলত গুলীৰ শব্দ শুনা গৈছিল আৰু সেয়া বৰাদৰ আৰু আনাছ হাক্কানিৰ মাজত ক্ষমতাৰ যুঁজৰেই ফলাফল আছিল বুলি কোৱা হৈছে।
জানিব পৰা মতে, মহম্মদ ষ্টেনেকজাই আৰু ছিৰাজুদ্দিন হাক্কানিক নতুন চৰকাৰত ক্ষমতাশালী পদ দিয়া হ’ব আৰু বৰাদৰে চৰকাৰখনৰ নেতৃত্ব দিব।
আন এক সূত্ৰৰ খৱৰ মতে বৰাদৰে সংখালঘু সম্প্ৰদায়ৰ পৰা চৰকাৰখনত প্ৰতিনিধিত্ব ৰাখিব বিচাৰে যদিও তালিবানৰ উপ মুখ্য নেতা ছিৰাজুদ্দিনৰ নেতৃত্বৰ হাক্কানি গোট আৰু তেওঁৰ সহযোগী সন্ত্ৰাসবাদী গোটে আন কাৰোৰে সৈতে ক্ষমতা ভগাই লোৱাৰ পক্ষত নাই।
ইয়াৰ গুৰু তথা ইন্ধনকাৰী পাকিস্তানৰ পৰামৰ্শৰে হাক্কানি গোটে মধ্যযুগীয় ৰীতি-নীতিৰে এখন সম্পূৰ্ণ তালিবানী চৰকাৰ গঠন কৰিব বিচাৰে।