• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 11:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত চলি থকাৰ সময়ত ৰাজস্থানৰ বাঞ্চোৱাৰাত নিৰ্বাচনী ভাষণ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ হঠাতে কৈ উঠে, ‘কংগ্ৰেছ ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীসকলৰ মাজত মা-ভগ্নীহঁতৰ গা-গহনা ভগাই দিয়া হ’ব। আনকি মংগলসূত্ৰকো ৰেহাই দিয়া নহ’ব।’

নিৰ্বাচনত জয়ী হ’বলৈ প্ৰধানমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে মোডীক ৰোধ কৰিব পৰা নগ’ল। ইখনৰ পিছত সিখন প্ৰচাৰ সভাত তেওঁ ঘৃণামূলক ভাষণ দিছিল।

Apply Now

অৱশেষত নিৰ্বাচনত জয়ী হোৱাৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিল। আৰু তেতিয়াৰ পৰাই সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰে তুংগত উপনীত হৈছে। তেওঁলোকৰ বিৰুদ্ধে অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে।  তৃতীয় মোডী চৰকাৰৰ যোৱা এবছৰৰ পৰিসংখ্যাই অন্ততঃ সেইটোৱে কয়।

সৰ্বাধিক অত্যাচাৰ সংঘটিত হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত। বিজেপি শাসিত আন দুখন ৰাজ্য মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। কেৱল মুছলমান, দলিত, জনজাতীয়, খ্ৰীষ্টান বা আন ধৰ্মীয় সংখ্যালঘু লোকক ৰেহাই পোৱা নাই।

এছ’চিয়েশ্যন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছ (এপিচিআৰ) নামৰ এটা সংস্থাই ২০২৪ চনৰ ৭ জুনৰ পৰা চলিত বৰ্ষৰ ৭ জুনলৈকে সমগ্ৰ দেশতে এনেধৰণৰ ঘৃণাজনিত অপৰাধৰ ওপৰত এক সমীক্ষা চলাইছিল। ‘হেট ক্ৰাইম ৰিপ’ৰ্টঃ মোডীৰ তৃতীয় চৰকাৰৰ প্ৰথম বছৰৰ খতিয়ান’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিগত এবছৰত এনেধৰণৰ ৯৪৭টা ঘটনা সংঘটিত হৈছে। ইয়াৰে ৩৪৫টা আছিল ঘৃণামূলক ভাষণ। বাকী কেইটা ঘটনাত সংখ্যালঘু লোকৰ ওপৰত পোনপটীয়াকৈ অত্যাচাৰ কৰা হৈছে। ২৫ জন লোকে হেৰুৱাইছে প্ৰাণ। আটাইকেইজনে মুছলমান।

ঘৃণামূলক ভাষণৰ ঘটনাৰ ভিতৰত ১৭৮টা ক্ষেত্ৰতে কোনো নহয় কোনো বিজেপি নেতাৰ নাম জড়িত হৈ আছে। পাঁচটা অভিযোগ খোদ প্ৰধানমন্ত্ৰীৰ নামত। এই তালিকাত আছে দুজন ন্যায়াধীশ আৰু এজন ৰাজ্যপাল।

বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্রীসকলো পিছ পৰি থকা নাই৷ কমেও ৬৩ বাৰ সংখ্যালঘুৰ বিৰুদ্ধে বিদ্ধেষ বিয়পাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ ঘোষণা কৰিছে, ‘মই মুছলমানৰ বিৰুদ্ধেই থাকিম’। ৭১টা ঘটনাত অভিযুক্ত বিজেপিৰ টিকটত জয়ী প্ৰতিনিধি।

প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে সংখ্যালঘু লোকৰ ওপৰত হোৱা অত্যাচাৰৰ মাত্ৰা সৰ্বাধিক। কেৱল অক্টোবৰ মাহত সংঘটিত হৈছে ৮০টা ঘটনা। কিন্তু সেই সময়ছোৱাত কিয়? কাৰণ সমগ্ৰ দেশতে উৎসৱৰ বতৰ। যোৱা ছেপ্টেম্বৰ মাহত গণেশ চতুৰ্থীৰ সময়ত মধ্যপ্ৰদেশৰ পান্নাত হিন্দুত্ববাদী সংগঠনে মুছলমানৰ ঘৰ ভাঙি পেলাইছিল। একে ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানেতো। উত্তৰ প্ৰদেশৰ বাঘপটত হোলী অনুষ্ঠানত যোগ দিব নিবিচৰা এজন মুছলমান লোকক আক্ৰমণ কৰা হয়।

যোৱা এবছৰত ৬০২টা অপৰাধৰ মাত্ৰ ১৩ শতাংশতহে এফআইআৰহে দাখিল কৰা হৈছে। অৱশ্যে কোনো ব্যৱস্থা নহয়, বেছিভাগ ক্ষেত্ৰতে আৰক্ষীয়ে অভিযুক্তৰ পক্ষ লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd