দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আজি হায়াত হস্পিটেলৰ সহযোগত মহানগৰীৰ মাণিক নগৰ উন্নয়ন সমিতিয়ে এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰে। উন্নয়ন সমিতিখনৰ উদ্যোগত আৰু হায়াত হস্পিটেলৰ জনকল্যাণমূলক আঁচনিৰ অধীনত অৰ্থনৈতিকভাৱে পিছপৰা ২০ গৰাকী সংগীতানুৰাগী ছাত্ৰ-ছাত্ৰীৰ মাজত হাৰমনিয়াম আৰু গীটাৰ বিতৰণ কৰা হয়।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি হস্পিটেলখনৰ ‘বিজনেছ ডেভেলপমেণ্ট এণ্ড কৰ্পোৰেট এফেয়াৰ্ছ’ৰ সঞ্চালক ডাঃ প্ৰজ্ঞান কলিতাই কয় যে হায়াত হস্পিটেলে জন্মলগ্নৰে পৰা জনকল্যাণমূলক আঁচনিৰ অধীনত বিভিন্ন সমাজহিতৈষী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তেওঁ উল্লেখ কৰা মতে, হস্পিটেলখনে বৰ্তমানলৈকে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ সাত গৰাকী মেধাৱী শিক্ষাৰ্থীৰ চিকিৎসা বিজ্ঞান অধ্যয়নৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে। ইয়াৰে চাৰি গৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে সুখ্যাতিৰে এমবিচিএছ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি, হস্পিটেলখনে ওদালবাক্ৰাৰ সাবিত্ৰী ভৰালী হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীক কিতাপ-পত্ৰ যোগান ধৰাৰ লগতে বিনামূলীয়াকৈ বিশেষ পাঠদানৰো ব্যৱস্থা কৰিছে। এই ধাৰাবাহিকতা ৰক্ষা কৰিয়েই আজি সংগীতৰ প্ৰতি আগ্ৰহ থকা ২০ গৰাকী শিক্ষাৰ্থীৰ হাতত হাৰমনিয়াম আৰু গীটাৰ তুলি দিয়া বুলি ডাঃ কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
উল্লেখ্য যে, গণৰাজ্য দিৱস উপলক্ষে আজি মাণিক নগৰ উন্নয়ন সমিতিৰ চৌহদত জাতীয় পতাকা উত্তোলন কৰে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি স্থানীয় কাউন্সিলৰ উৎপল মহন্তই গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে হায়াত হস্পিটেলৰ এই জনকল্যাণমূলক পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে। ইফালে, একেটা অনুষ্ঠানতে স্থানীয় দুই বিশিষ্ট সংগীত শিক্ষক ক্ৰমে গোলাপ তালুকদাৰ আৰু অকণ বৰুৱাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।





