DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণ বৰ্জিত গণৰাজ্য দিৱ্স! আইজলত শূন্য জনতাক সম্বোধন ৰাজ্যপালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 10:46 pm
Mizoram-Republic-Day-Boycott-750x375

গণৰাজ্য দিৱসত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ মিজো জনগণ। ছবি- নৰ্থ ইষ্ট নাও।

706
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জাগি উঠা মিজো ৰাইজৰ সৰ্বাত্মক গণৰাজ্য দিৱস বৰ্জনৰ ফলত শনিবাৰে আইজলৰ চৰকাৰী কাৰ্য্যসূচীত এজনো সাধাৰণ নাগৰিক উপস্থিত নথকা সভাকে সম্বোধন কৰিব লগা হয় ৰাজ্যপাল কুম্মানাম ৰাজাশেখৰনে।

খোদ আৰক্ষীৰ ভাষ্য অনুসৰিয়ে চৰকাৰ, প্ৰশাসন আৰু নিৰাপত্তাৰক্ষীৰ বাহিৰে অনুষ্ঠানটোত উপস্থিত নাছিল এজনো সাধাৰণ নাগৰিক।

ৰাজধানী চহৰখনত কেন্দ্ৰীয় চৰকাৰী কাৰ্য্যসূচীত ভাগ নোলোৱা প্ৰতিবাদী মিজো ৰাইজে অনুষ্ঠানটোৰ প্ৰৱেশ পথৰ লগতে সমগ্ৰ পথচোৱাত সংগঠিত হৈ বিধেয়ক বাতিলৰ দাবী জনায়।

ৰাজধানী আইজলেই নহয়, গোটেই ৰাজ্যখনতে গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী বৰ্জন কৰে মিজো জনসাধাৰণে।

সকলো মিজো নাগৰিক আৰু ছাত্ৰ সংগঠনৰ সমন্বয় সমিতি এন জি অ’ ক’-অৰ্দিনে’চন কমিতিয়ে এই বৰ্জন আহ্বান কৰিছিল। অতি প্ৰভাৱশালী মিজো জাতীয় ছাত্ৰ সংগঠন এম জেদ পি (MZP)কে ধৰি সকলো মিজো সংগঠন এই সমন্বয় সমিতিৰ অন্তৰ্ভুক্ত।

লগতে পঢ়ক– লালদেংগাক সোঁৱৰাই কেন্দ্ৰক সকীয়নি সহস্ৰ বিক্ষুব্ধ মিজো শিক্ষাৰ্থীৰ

লগতে পঢ়ক– ভাৰতক বিদায়, চীনক হেল্ল’ মিজো ছাত্ৰ-ছাত্ৰীৰ

“গণৰাজ্য দিৱস বৰ্জন আমাৰ প্ৰাৰম্ভিক কাৰ্য্যসূচীহে। বিধেয়কখন গৃহীত হ’লে আমি সৱ একেলগে বহিম আৰু আমাৰ পৰৱৰ্তী কাৰ্য্যপন্থা নিৰূপণ কৰিম,” নৰ্থ ইষ্ট নাও-ক জনায় য়াং মিজো এছ’চিয়ে’চনৰ সভাপতি ৱানলালৰুৱাতাই।

বিধেয়ক বাতিল নহ’লে মিজোৰামৰ স্বাধীনতাৰ দাবী উত্থাপিত হ’ব বুলি শেহতীয়াকৈ ঘোষণা কৰিছিল এম জেদ পিৰ সভাপতি ৰামদিনলিয়ানা ৰেন্থলেই।

বিধেয়কৰ বিৰুদ্ধে যোৱা ২৩ জানুৱাৰিত হোৱা মিজো ছাত্ৰ-ছাত্ৰীৰ অভূতপূৰ্ব জাগৰণত এই ঘোষণা কৰিছিল ছাত্ৰ নেতাজনে।

মিজো ৰাইজৰ প্ৰতিবাদৰ বিপৰীতে ৰাজ্যপালে নিজৰ ভাষণত মিজোৰামৰ সুৰক্ষাৰ কথা দোহাৰে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd