প্ৰসঙ্গ: গণৰাজ্য দিৱস; কিছু জানিবলগীয়া তথ্য

Republic Day quiz

কাইলৈ দেশে পালন কৰিব ৭৪ তম গণৰাজ্য দিৱস। বিশ্বৰ বৃহত্তম গনতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণৰাজ্য দিৱসৰ আছে এক সুকীয়া মহত্ব। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জানো আহক কিছু বিশেষ তথ্য:

 

১) গণৰাজ্য দিৱস কিয় পালন কৰা হয়?
ক) ভাৰতৰ স্বাধীনতা উদযাপন কৰিবলৈ
খ) ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোৰ স্মৃতিত
গ) ওপৰৰ কোনোটোৱেই নহয়

উত্তৰ: খ) ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোৰ স্মৃতিত

 

২) ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল?

ক) ১৯৫০ চন

খ) ১৯৪৯ চন

গ) ১৯৪৭ চন

ঘ) ১৯৪৮ চন

উত্তৰ : খ) ১৯৪৯ চন

 

৩) ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয়?

ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী

খ) ১৯৪৭ চনৰ ১৫ আগষ্ট

গ) ১৯৪৯ চনৰ ২ জুন

ঘ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী

উত্তৰঃ ক) ১৯৫০ চনৰ ২৬ জানুৱাৰী

 

৪) ২০২৩ চনৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু কি?

ক) জন ভাগীদাৰী (সাধাৰণ ৰাইজৰ অংশগ্ৰহণ)

খ) আত্মনিৰ্ভৰ ভাৰত

গ) ফিট ইণ্ডিয়া মুভমেণ্ট

ঘ) বন্দে মাতৰম

উত্তৰঃ ক) জন ভাগীদাৰী (সাধাৰণ ৰাইজৰ অংশগ্ৰহণ)

 

৫) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল?

ক) মহাত্মা গান্ধী

খ) জৱাহৰলাল নেহৰু

গ) চৰ্দাৰ পেটেল

ঘ) পিংগলী ভেংকয়া

উত্তৰঃ ঘ) পিংগলী ভেংকয়া

 

৬) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

ক) ৰাজেন্দ্ৰ প্ৰসাদ

খ) সৰ্বপল্লী ৰাধাকৃষ্ণন

গ) জাকিৰ হুছেইন

ঘ) শংকৰ দয়াল শৰ্মা

উত্তৰঃ ক) ৰাজেন্দ্ৰ প্ৰসাদ

 

৭) ৰাষ্ট্ৰপতিৰ দেহৰক্ষী ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কোনটো শাখাৰ ইউনিট?

ক) সেনাবাহিনী (আৰ্মী)

খ) নৌসেনা

গ) বায়ুসেনা

ঘ) উপকূলৰক্ষী বাহিনী

উত্তৰঃ ক) সেনাবাহিনী (আৰ্মী)

 

৮) গণৰাজ্য দিৱসৰ অনুষ্ঠানত কোনে পতাকা উত্তোলন কৰে?

ক) ৰাষ্ট্ৰপতি

খ) প্ৰধানমন্ত্ৰী

গ)প্ৰতিৰক্ষা মন্ত্ৰী

ঘ) গৃহমন্ত্ৰী

উত্তৰ: ক) ৰাষ্ট্ৰপতি

 

৯)ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ কিমান সময় লাগিছিল?

ক) ২ বছৰ, ১১ মাহ, ১৭ দিন

খ) ৩ বছৰ, ১০ মাহ, ২৮ দিন

গ) ৪ বছৰ, ৯ মাহ, ১৭ দিন

ঘ) ১ বছৰ, ১১ মাহ, ১৭ দিন

উত্তৰ: ক) ২ বছৰ, ১১ মাহ, ১৭ দিন

 

১০) ভাৰতীয় সংবিধানত কেইটা মৌলিক কৰ্তব্য আছে?

ক)৬

খ)৭

গ) ৯

ঘ) ১১

উত্তৰ: ঘ) ১১

 

১১) কোনটো অনুষ্ঠানত গণৰাজ্য দিৱস উদযাপনৰ অন্ত পৰে?

ক) গণৰাজ্য দিৱসৰ পেৰেড

খ) বিটিং ৰিট্ৰিট

গ) ৰাষ্ট্ৰপতিৰ জাতিলৈ ভাষণ

ঘ) ওপৰৰ কোনোটোৱেই নহয়

উত্তৰ: খ) বিটিং ৰিট্ৰিট