শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰি অনা আহত নাহৰফুটুকীৰ পোৱালীৰ মৃত্যু

loepard death

ফটো: নৰ্থইষ্ট নাও।

মৰিয়নীৰ শিলিখা চাহ বাগিচাৰ পৰা যোৱা ২৪ ফেব্ৰুৱাৰীৰ দিনা উদ্ধাৰ কৰি অনা মাইকী নাহৰফুটুকী পোৱালীটোৰ সোমবাৰে মৃত্যু ঘটে ৷ বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাতে বাঘ পোৱালীটোৰ মৃত্যু হয় ৷

জানিব পৰা মতে উদ্ধাৰৰ সময়ত শিলিখা চাহ বাগিচাত বহুদূৰলৈকে আহত নাহৰফুটুকী পোৱালীটোক চোঁচৰাই নিয়া হৈছিল ৷

শিলিখা চাহ বাগিচাৰ পৰা অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি অনা এই নাহৰফুটুকী পোৱালীটোক যোৱা ৪ দিনেই চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিছিল বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসকসকলে ৷

আভ্যন্তীৰণ ৰক্তক্ষয় আৰু হাওঁফাওঁ ৰোগৰ উপৰিও মানুহে কৰা অত্যাচাৰৰ বাবেই নাহৰফুটুকী পোৱালীটোৰ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে ৷

মৃত নাহৰফুটুকীৰ মাইকী পোৱালীটোক পিছত সকলোৰে উপস্থিতিত বনাঞ্চলতে দাহ কৰা হয় ৷