• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বয়সতকৈ সৰু যুৱকেৰে কিয় প্ৰেমত পৰে মহিলাই? গৱেষণাত চাঞ্চল্যকৰ তথ্য ফাদিল!

ৰোমাঞ্চকৰ যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 1:40 pm
76k
VIEWS
Share on FacebookShare on Twitter

আমি সমাজে নিৰ্ধাৰণ কৰা কিছুমান নিয়মৰ ভিতৰত থাকি আমাৰ সম্পৰ্কক বান্ধি ৰাখিব বিচাৰো। সেইবাবেই প্ৰেমৰ সম্পৰ্কত দুজন সংগীৰ বয়সৰ পাৰ্থক্য আমাৰ বাবে বাৰে বাৰে গুৰুত্বপূৰ্ণ হৈ পৰে। বহুতে ভাবে যে পুৰুষ সংগীজন প্ৰেয়সীতকৈ ডাঙৰ হ’ব লাগিব, যেন কোনো অলিখিত নিয়ম আছে! কিন্তু সময়ৰ সোঁতত ই যেন ক্ৰমাৎ সলনি ধৰিছে।

নিয়মৰ বান্ধোনৰ পৰা সম্পৰ্কটো মুক্ত কৰি বয়স নিৰ্বিশেষে নিজৰ পছন্দৰ পুৰুষৰ সৈতে নিজৰ জীৱনটো কটোৱাৰ বাবে বহু নাৰীয়ে সাহসী সিদ্ধান্ত লৈছে। এনে সাহিকতাৰ উদাহৰণ সমাজত বৃদ্ধি পালেও কিন্তু এই প্ৰশ্নটো এতিয়া সঘনাই উত্থাপন হয়, কিয় বহু মহিলাই নিজতকৈ কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বাছি ল’ব বিচাৰে?

বিভিন্ন অধ্যয়নত ইয়াৰ সৈতে জড়িত কেইবাটাও তথ্য প্ৰকাশ পাইছে। বহু মহিলাই কম বয়সীয়া পুৰুষৰ প্ৰেমত পৰাৰ কাৰণ বিচাৰি বহুতে গৱেষণা কৰিছে। জাৰ্ণেল অৱ চেক্স ৰিচাৰ্চ চেলেঞ্জত প্ৰকাশিত এক গৱেষণা পত্ৰতো এই সম্পৰ্কীয় বহু তথ্য উল্লেখ কৰা হৈছে। ৩০ৰ পৰা ৬০ বছৰ বয়সৰ ৫৫ গৰাকী মহিলাৰ ওপৰত কৰা অধ্যয়ন এই গৱেষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। কোৱা হৈছে যে নাৰীগৰাকীয়ে তেওঁলোকৰ অতি কমেও পাঁচ বছৰ সৰু পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।

ৰোমাঞ্চকৰ যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহী :

সেই অধ্যয়নত কেইবাটাও কাৰকৰ উল্লেখ কৰা হৈছিল। বহু মহিলাই সমাজে জাপি দিয়া পুৰণি নীতি-নিয়মৰ পৰা ওলাই আহিব বিচাৰে। এই কাৰণেই তেওঁলোকে বয়সস্থ পুৰুষ সংগী নিবিচাৰে। মূলতঃ তেওঁলোকে সোঁতৰ বিপৰীতে খোজ কাঢ়িব বিচাৰে। লগতে সেই মহিলাসকল নিজৰ যৌন জীৱনৰ প্ৰতি সচেতন। তেওঁলোকে ভাবে যে নিজতকৈ সৰু পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰাটো হয়তো অধিক ৰোমাঞ্চকৰ হ’ব!

আত্মবিশ্বাস বৃদ্ধি :

অধ্যয়নত দেখা গৈছে যে কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্কত থাকিলে মহিলাৰ আত্মবিশ্বাস বাঢ়ি যায়। আনকি তেওঁলোকৰ বহুতেই বিশ্বাস কৰে যে বয়সৰ সত্ত্বেও তেওঁলোকৰ মাজত কিছুমান ‘যাদু’ আছে যিয়ে সকলোকে তেওঁলোকৰ প্ৰতি আকৰ্ষণ কৰে। বহু মহিলাই অনুভৱ কৰে যে নিজতকৈ সৰু যুৱক সৈতে সময় কটালে নিজকে তৰুণ যেন লাগে।

অন্য দুই কাৰক :

বহু মহিলাই একে বয়সৰ পুৰুষক ভাল নাপায়। একে বয়সৰ বা তাতকৈ অধিক বয়সৰ পুৰুষৰ সৈতে জীৱন এটা কল্পনা কৰিব নিবিচাৰে। মানসিক সামঞ্জস্যৰ অভাৱৰ বাবে কম বয়সতে কম বয়সীয়া পুৰুষৰ লগত প্ৰেমৰ সম্পৰ্কত লিপ্ত হয়।

প্ৰেমিকৰ পৰা নাৰীয়ে গভীৰভাৱে গুৰুত্ব লাভ কৰাতো আশা কৰে, তেওঁলোকে নিজতকৈ কম বয়সীয়া পুৰুষৰ মাজত সেয়া দেখা যায়। ইফালে বয়সত ডাঙৰ বা সমবসয়ৰ পুৰুষে এই ক্ষেত্ৰত আত্মসন্মানত আঘাত পোৱাৰ সম্ভাৱনা থাকে আৰু বেছিভাগ ক্ষেত্ৰতে সম্পৰ্ক ভাঙি যোৱাৰ সম্ভাৱনা থাকে।

পছন্দৰ ব্যক্তিজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সময়ত তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয়। তেওঁ আপোনাক সন্মান কৰে নে নকৰে সেয়াও মন কৰিবলগীয়া। তেওঁৰ লগত জীৱনৰ সূতা বান্ধি দিয়াৰ আগতে নানান কামৰ যত্ন ল’ব লাগে। কিন্তু সংগীৰ বয়স আপোনাৰ প্ৰেমত বাধা হ’ব নালাগে! বয়স মাত্ৰ এটা সংখ্যা, সেইটো পাহৰি নাযাব। সমাজৰ নিয়মৰ পৰা ওলাই আহক আৰু জীৱনটো উপভোগ কৰক।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd