ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ উৰজিৎ পেটেলৰ পদত্যাগ; দেশৰ অৰ্থনীতিৰ ক্ষতি কৰিব বুলিলে তৰুণ গগৈয়ে

Urjit Patel

উৰজিৎ পেটেল। ফাইল ফটো।

আজি ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ উৰজিৎ পেটেলে অকস্মাৎ পদত্যাক কৰাক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। লগতে তেওঁ এইটো দেশৰ অৰ্থনীতিৰ বাবে ক্ষতিকৰ বুলিও কয় গগৈয়ে। নিজৰ টুইটাৰত গগৈয়ে কয়, “উৰজিৎ পেটেলৰ তাৎক্ষণিক পদত্যাগ দুৰ্ভাগ্যজনক। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৰে স্বতন্ত্ৰ সংস্থাসমূহক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। গতিকে দেশ বচোৱাৰ বাবে, গণতন্ত্ৰ আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ স্বাৰ্থত সকলো পক্ষই লগ হৈ কাম কৰিব লাগে।”

ইয়াৰ পাছত তেওঁ পুনৰ এটা টুইটত কয়, “ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনেও তাৎক্ষণিকভাৱে পদত্যাগ কৰিব লগীয়া হৈছিল, কিয় তেনেকুৱা হয়? এয়া দেশৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক।”

উল্লেখযোগ্য যে আজি হঠাতে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰজনে পতদ্যাগ কৰি দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক বিশ্লেষকক হতচকিত কৰে।

অৱশ্যে গৰ্ৱনৰজনৰ কেন্দ্ৰীয় চৰকাৰৰ লগত বিগত কেইবামাহো ধৰি শীতল সংঘাত চলি আছিল।

সেয়ে বহুতেই ইয়াক মোদী নেতৃত্বাধীন চৰকাৰৰ দ্বাৰা ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা হানি হোৱাটোৰ এটা প্ৰতিফলন বুলি গণ্য কৰিছে।

উৰজিৎ পেটেলে তেওঁৰ পদত্যাগ পত্ৰত ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি লিখিছে যদিও এইটো সকলোৰে সহজ অনুমেয় যে তেওঁ ধাৰাবাহিকভাৱে সহি আহিব লগীয়া চৰকাৰৰ হেঁচা, নিৰ্দেশনাবোৰেই ইয়াৰ অন্তৰালৰ কাৰণ হ’ব পাৰে। তেওঁৰ পদত্যাগপত্ৰখনৰ হুবহু কথাখিনি তলত দিয়া ধৰণৰ–

On account of personal reasons, I have decided to step down from my current position effective immediately. It has been my privilege and honour to serve in the Reserve Bank of India in various capacities over the years. The support and hard work of RBI staff, officers and management has been the proximate driver of the Bank’s considerable
accomplishments in recent years. I take this opportunity to express gratitude to my colleagues and Directors of the RBI Central Board, and wish them all the best for the future.

আনহাতে, উৰজিৎ পেটেলৰ পদত্যাগ সন্দৰ্ভত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ যেনেকৈ এটা প্ৰশ্নবোধক চিন আছে তাৰ বিপৰীতে উৰজিৎ পেটেল এজন শিক্ষিত ব্যক্তি। যদিও তেওঁক প্ৰধান মন্ত্ৰী মোদীয়েই নিযুক্তই দিছিল তথাপিতো বৰ্তমানৰ দেশৰ বিত্তীয় পৰিস্থিতিৰ বাবে তেওঁৰ নিজৰে বিবেকদংশন হৈছে। হয়তো সেইবাবেই তেওঁ পদত্যাগ কৰিছে। প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙকে ধৰি বিভিন্নজনে বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি নষ্ট কৰিব বুলি কৈছিল আজি সেই কথাটো প্ৰমাণিত হৈছে আৰু উৰজিৎ পেটেলে হয়তো বিত্তীয় ব্যৱস্থাটো আৰু বেয়াৰ ফাললৈ যোৱাৰ আগতেই দায়িত্বৰ পৰা আঁতৰিব বিচাৰিছে। মোদী চৰকাৰৰ হেঁচাত তেওঁ ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা ৰক্ষা কৰিব পৰা নাই। গতিকে পদত্যাগ কৰি আঁতৰি আহিব বিচাৰিছে।”

আনহাতে, মোদী চৰকাৰে ৰিজাৰ্ভ বেংকৰ জমা ধনৰ পৰা কেইবা লাখ কোটি টকাৰ ধন বিচৰা বুলি ওলোৱা বাতৰিৰ প্ৰসংগ টানি শইকীয়াই কয়, “বিজেপিয়ে ৰিজাৰ্ভ বেংকৰ ৰিজাৰ্ভ খুজিছে। ৰিজাৰ্ভ বেংকৰ ইতিহাসত আগতে কেতিয়াও হোৱা নাছিল। মোদী চৰকাৰে বিভিন্ন প্ৰকাৰে হেঁচা প্ৰয়োগ, নিৰ্দেশনা জাৰি কৰিছে। যাৰ বাবে তেওঁ কাম কৰাত অসুবিধা পাইছে। তেওঁৰ আকস্মিক পদত্যাগে বিমুদ্ৰাকৰণৰ বিফলতা প্ৰমাণিত কৰিছে।”