ৰিপুন বৰাক তেল মাৰিলে হয় প্ৰমোশ্যন, তেল নামাৰিলে দিয়ে শ্ব’কজ : পাৰ্থ প্ৰতীম বৰা
‘’ৰিপুন বৰাক তেল মাৰিলে প্ৰমোশ্যন, তেল নামাৰিলে দিয়ে শ্ব’কজ।‘’ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু প্ৰথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি সোমবাৰে এক সংবাদমেলত এই মন্তব্য কৰে পাৰ্থ প্ৰতীম বৰাই।
ৰিপুন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰা পাৰ্থপ্ৰতিম বৰাই সংবাদমেলত কয় যে ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ অসমত ধাৰাবাহিকভাৱে প্ৰতিটো নিৰ্বাচনতে বিপৰ্যয়ৰ সন্মুখীন হৈছে ।
তেওঁ কয়,‘’বৰাৰ নেতৃত্বতে উপ নিৰ্বাচন,পৰিষদীয় নিৰ্বাচন,পঞ্চায়ত, লোকসভা সকলোতে কংগ্ৰেছ পৰাজিত হৈছে। ৰিপুন বৰাই নিজৰ যুৱ কংগ্ৰেছৰ প্ৰাৰ্থীজনকো জিকাব পৰা নাই। আনকি, লোকসভা নিৰ্বাচনত ৰিপুন বৰাৰ গহপুৰ সমষ্টিত ৪৬ হাজাৰতকৈ অধিক ভোটত পিছ পৰিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।‘’
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক কটাক্ষ কৰি বৰাই কয়, ‘’ৰিপুন বৰাৰ নেতৃত্বত মিশ্যন ৮০’ৰ সলনি মিশ্যন ০৮’হে হ’ব। তেওঁ ৮০ খন বিধায়কৰ আসন নহয় টেন্ট হাউচৰ আসন হে আনিব লাগিব।‘’
পদত্যাগী নেতাজনে লগতে কয়,‘’ৰাজনৈতিকভাবে ৰিপুন বৰাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ চেষ্টা কৰিছিল, তাত মোৰ জয় হৈছে বুলি ভাবোঁ। তেওঁৰ বিফলতা দাঙি ধৰাৰ বাবে দলৰ পৰা নিলম্বন কৰিছিল। মই আজি কাৰো অনুমতি লৈ দলৰ পৰা পদত্যাগ কৰা নাই।‘’
ৰিপুন বৰাই এবাৰ পদত্যাগৰ পাছত তেওঁৰ সোঁৱে-বাৱে থকা মানুহে তেওঁক সভাপতি কৰি ৰখাৰ বাবে চহী লৈ ফুৰে বুলি মন্তব্য কৰি পাৰ্থ প্ৰতীম বৰাই কয়, ‘’ৰমেন বৰঠাকুৰ বা আন কেইজনক দলৰ পৰা নিলম্বন কৰিছে, কিন্তু ৰিপুন বৰাই লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত পইচা লোৱাৰ অভিযোগৰ তদন্ত কোনে কৰিব?’’
কংগ্ৰেছৰ প্ৰতি থকা তেওঁৰ আনুগত্যৰ কথা দোহাৰি পদত্যাগী নেতা পাৰ্থ প্ৰতীম বৰাই কয়,’’মোৰ পৰিয়ালৰ তিনিটা প্ৰজন্মই কংগ্ৰেছ কৰি আহিছে। পৰিয়ালৰ কংগ্ৰেছী আদৰ্শৰ কথা চিন্তা কৰিয়েই দল এৰা নাছিলো। হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠতা থকাৰ পিছতো মই কংগ্ৰেছ ত্যাগ কৰা নাছিলোঁ।‘’
ইপিনে, কোনো যুৱ কংগ্ৰেছীক ৰিপুন বৰাই সুবিধা দিব নিবিচাৰে বুলি উল্লেখ কৰি বৰাই কয় যে তেওঁ ২০১৬ চনত চতিয়াৰ পৰা টিকট বিচাৰিছিল যদিও কংগ্ৰেছে তেওঁক টিকট দিয়া নাছিল।
তদুপৰি, প্ৰতিবাৰেই ৰিপুন বৰাৰ শ্ব’কজৰ উত্তৰ দিয়া সম্ভৱ নহয় বুলি স্পষ্ট কৰি দি বৰাই মন্তব্য কৰে যে কংগ্ৰেছ অন্ধকাৰলৈ সোমাই গৈ আছে।
‘’সম্পাদকৰ উপৰি প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ পৰাও মই পদত্যাগ কৰিছোঁ। এতিয়ালৈ মই কোনো ৰাজনৈতিক দলৰ লগত কথা পতা নাই।নতুন নেতৃত্ব কংগ্ৰেছত আহিলে মই আগলৈ কংগ্ৰেছ কৰি যাম,’’-বৰাই কয়।