বেংগালুৰুৰ হোটেল আৰু ৰেষ্টুৰেণ্টত সাধাৰণ জনতাকো ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব শৌচাগাৰ!

ফটোঃ সংগ্ৰহীত।

ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকাই উচ্চ ন্যায়ালয়ত দাখিল কৰা ষ্টেটাছ ৰিপৰ্টত মহানগৰীত সাধাৰণ জনতাই শৌচাগাৰ ব্যৱহাৰ কৰাত সহায় কৰিবলৈ গ্ৰহণ কৰা কেইবাটাও ব্যৱস্থাৰ কথা উল্লেখ কৰিছে।

এই ব্যৱস্থাসমূহৰ ভিতৰত আছে কেৱল কৰ্মচাৰীসকলৰ বাবে নিৰ্ধাৰিত ১৭২ ‘ইন্দিৰা কেণ্টিন’ৰ শৌচাগাৰসমূহ ৰাজহুৱা ব্যৱহাৰৰ বাবে অনুমতি দিয়া।

ৰাজহুৱা ৰেষ্টুৰেণ্ট আৰু হোটেলত অৱস্থিত শৌচাগাৰ সাধাৰণ জনতাক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰো প্ৰস্তাৱ আগবঢ়াইছে মহানগৰৰ নাগৰিক সংস্থাটোৱে। বিশেষ আয়ুক্ত (স্বাস্থ্য) আৰু মুখ্য স্বাস্থ্য বিষয়া (স্বাস্থ্য)ক এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ আৰু প্ৰয়োজনীয় আদেশ/জাননী পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃ মালিৰ সোণৰ খনিত খহনীয়া, সুৰংগ ভাঙি পৰি কমেও ৭৩ জনৰ মৃত্যু

সংস্থাটোৱে একান্তভাৱে মহিলাৰ বাবে ১০০টা শৌচাগাৰ নিৰ্মাণৰ বাবেও নিবিদা আহ্বান কৰিব, যাক ‘SHE’ শৌচাগাৰ বুলি কোৱা হব।

তেওঁলোকে নিজাববীয়াকৈ এনে শৌচাগাৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু ২০২৪-২৫ চনৰ বাজেটত ইয়াৰ বাবে ২৫.৫০ কোটি টকাৰ বাজেট আবণ্টন দিছে।

জনস্বাৰ্থৰ আবেদনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বিবিএমপিৰ ছলিড ওৱেষ্ট মেনেজমেন্টৰ মুখ্য অভিযন্তাই এই ষ্টেটাছ ৰিপৰ্ট দাখিল কৰে।

লগতে পঢ়কঃ আমেৰিকাত নাইট্ৰজেন গেছৰ দ্বাৰা প্ৰথম মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’ব নাৰী হত্যাকাৰী কেনেথ স্মিথৰ

নাগৰিক সংস্থাটোৱে তেওঁলোকৰ সীমাৰ অধীনত সাধাৰণ জনতা আৰু মহিলাসকলৰ বাবে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে এখন সমিতি গঠন কৰে য’ত মুখ্য আয়ুক্ত, বিশেষ আয়ুক্ত আৰু সকলো মণ্ডল আয়ুক্তক অন্তৰ্ভুক্ত কৰা হয়।

ষ্টেটাছ ৰিপ’ৰ্টত নতুন ই-টয়লেট স্থাপন, বৰ্তমানৰ ২২৯টা ই-টয়লেটৰ ৰক্ষণাবেক্ষণ আৰু বৃহৎ ভাসমান জনসংখ্যা থকা ঠাইত শৌচাগাৰ নিৰ্মাণৰ স্থান চিনাক্তকৰণকে ধৰি কেইবাটাও ব্যৱস্থাৰ কথা প্ৰকাশ পাইছে।

ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকাই নিৰ্মাণ হৈ থকা নতুন শৌচাগাৰত কিন্নৰ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবেও সুকীয়াকৈ শৌচাগাৰ ব্লকৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজপথত নামিব কৃষক সংগঠন; ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

বুধবাৰে দাখিল কৰা এই তথ্য লিপিবদ্ধ কৰি মুখ্য ন্যায়াধীশ প্ৰসন্ন বি ভাৰলেৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে পিআইএলৰ শুনানি স্থগিত ৰাখে।