• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ, বাক স্বাধীনতাক জীয়াই ৰাখক ‘: ৰাষ্ট্ৰপতি মুৰ্মুলৈ ৰুশ্বদীকে ধৰি ১০২ জন লেখকৰ পত্ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 17, 2022 5:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি আহি পৰা বুলি সততে অভিযোগ উঠি অহাৰ সময়তে শতাধিক ভাৰতীয় তথা প্ৰবাসী ভাৰতীয় লেখকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন বিশেষ পত্ৰ লিখি প্ৰেৰণ কৰিছে।

পত্ৰ খনত বিশ্ব বিখ্যাত লেখকসকলে ভাৰতত মানৱ অধিকাৰৰ দ্ৰুত অৱনতি হোৱাৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লেখকসকলে ভাৰতত বাক স্বাধীনতাৰ সুৰক্ষা তথা ধৰ্মনিৰপেক্ষতাক বৰ্তাই ৰখাৰ বাবে ৰাষ্ট্ৰপতি মুৰ্মুক পত্ৰ খনত আহ্বান জনাইছে। ছলমান ৰুশ্বদীকে ধৰি মুঠ ১০২ গৰাকী প্ৰখ্যাত লেখকে স্বাক্ষৰ কৰা পত্ৰ খনৰ প্ৰতি পেন আমেৰিকা আৰু পেন ইণ্টাৰনেচনেলেও সমৰ্থন জনাইছে।

Apply Now

পেন আমেৰিকা আৰু পেন ইণ্টাৰনেচনেল হৈছে লেখকসকলৰ এক বিশ্বব্যাপী থকা সংগঠন। পত্ৰখনত এইদৰে কোৱা হৈছে: “আমি আপোনাক ভাৰতৰ স্বাধীনতাৰ ভাৱনাৰে মুক্ত মত প্ৰকাশৰ প্ৰচাৰ আৰু সুৰক্ষা নিশ্চিত কৰা, গণতান্ত্ৰিক আদৰ্শক সমৰ্থন কৰিবলৈ আৰু এক সামগ্ৰিক, ধৰ্মনিৰপেক্ষ, বহুজাতিক আৰু ধৰ্মীয় গণতন্ত্ৰ হিচাপে ভাৰতৰ খ্যাতি পুনৰুদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছো ,য’ত লেখকসকলে মুক্ত ভাবে মত প্ৰকাশ কৰিব পাৰে। আটক, অনুসন্ধান, শাৰীৰিক আক্ৰমণ, বা প্ৰতিশোধৰ ভাবুকি অবিহনে ভিন্নমত বা সমালোচনামূলক দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰে।” পত্ৰ খনত স্বাক্ষৰ কৰা লেখকসকলৰ মতে মুক্ত অভিব্যক্তি হৈছে এক শক্তিশালী গণতন্ত্ৰৰ আধাৰশিলা। এই মূল অধিকাৰক দুৰ্বল কৰি পেলালে আন সকলো অধিকাৰ বিপদাপন্ন হৈ পৰিব বুলি তেওঁলোকে মন্তব্য কৰে।

উল্লেখ্য ইয়াৰ আগতে পেন আমেৰিকাই ইয়াৰ ফ্ৰীডম টু ৰাইট ইণ্ডেক্স ২০২১-ত ভাৰতক একমাত্ৰ “নামমাত্ৰ গণতান্ত্ৰিক দেশ” হিচাপে উল্লেখ কৰিছিল।পত্ৰখনত এলগাৰ পৰিষদ গোচৰৰ সন্দৰ্ভত লেখকসকলক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰা হৈছে। চৰকাৰে বন্দী কৰা কবি ভাৰাভাৰা ৰাও (যাক শেহতীয়াকৈ জামিন দিয়া হৈছে)ৰ কথাও বিশেষভাবে উল্লেখ কৰা হৈছে। লেখকসকলে লগতে অভিযোগ কৰে যে ন্যায়পালিকাক কেৱল কৰ্তৃপক্ষই অপব্যৱহাৰ কৰি আহিছে। পত্ৰ খনত স্বাক্ষৰকাৰীসকলে উল্লেখ কৰিছিল যে লেখক আৰু বুদ্ধিজীৱীসকলক “তেওঁলোকৰ মুক্ত বাক স্বাধীনতা নিয়ন্ত্ৰণ ৰখাৰ উদ্দেশ্যে গ্ৰেপ্তাৰ, গোচৰ আৰু ভ্ৰমণ নিষেধাজ্ঞাৰ দৰে পন্থা গ্ৰহণ কৰা হৈছে”।

প্ৰসিদ্ধ লেখক অমিতাভ ঘোষ, পেৰুমল মুৰুগান, অৰহান পামুক, জেৰী পিণ্টো, সলিল ত্ৰিপাঠী, আতিশ তাছিৰ আৰু শোভা দেৰ লগতে আন বহু কেইগৰাকী প্ৰখ্যাত লেখকে পত্ৰ খনত স্বাক্ষৰ কৰিছে।পত্ৰখনত মহম্মদ জুবেইৰ, ছিদ্দিক কাপ্পান, তিস্তা চেতলৱাড়, অবিনাশ দাসৰ লগতে আন বহু ধৰি লেখক, স্তম্ভলেখক, সম্পাদক, সাংবাদিক আৰু শিল্পীসকলৰ ওপৰত হোৱা “অত্যাচাৰ”ৰ তীব্ৰ প্ৰতিবাদ জনোৱা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd