• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ, বাক স্বাধীনতাক জীয়াই ৰাখক ‘: ৰাষ্ট্ৰপতি মুৰ্মুলৈ ৰুশ্বদীকে ধৰি ১০২ জন লেখকৰ পত্ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 17, 2022 5:27 pm
128
VIEWS
Share on FacebookShare on Twitter

দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি আহি পৰা বুলি সততে অভিযোগ উঠি অহাৰ সময়তে শতাধিক ভাৰতীয় তথা প্ৰবাসী ভাৰতীয় লেখকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন বিশেষ পত্ৰ লিখি প্ৰেৰণ কৰিছে।

পত্ৰ খনত বিশ্ব বিখ্যাত লেখকসকলে ভাৰতত মানৱ অধিকাৰৰ দ্ৰুত অৱনতি হোৱাৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লেখকসকলে ভাৰতত বাক স্বাধীনতাৰ সুৰক্ষা তথা ধৰ্মনিৰপেক্ষতাক বৰ্তাই ৰখাৰ বাবে ৰাষ্ট্ৰপতি মুৰ্মুক পত্ৰ খনত আহ্বান জনাইছে। ছলমান ৰুশ্বদীকে ধৰি মুঠ ১০২ গৰাকী প্ৰখ্যাত লেখকে স্বাক্ষৰ কৰা পত্ৰ খনৰ প্ৰতি পেন আমেৰিকা আৰু পেন ইণ্টাৰনেচনেলেও সমৰ্থন জনাইছে।

পেন আমেৰিকা আৰু পেন ইণ্টাৰনেচনেল হৈছে লেখকসকলৰ এক বিশ্বব্যাপী থকা সংগঠন। পত্ৰখনত এইদৰে কোৱা হৈছে: “আমি আপোনাক ভাৰতৰ স্বাধীনতাৰ ভাৱনাৰে মুক্ত মত প্ৰকাশৰ প্ৰচাৰ আৰু সুৰক্ষা নিশ্চিত কৰা, গণতান্ত্ৰিক আদৰ্শক সমৰ্থন কৰিবলৈ আৰু এক সামগ্ৰিক, ধৰ্মনিৰপেক্ষ, বহুজাতিক আৰু ধৰ্মীয় গণতন্ত্ৰ হিচাপে ভাৰতৰ খ্যাতি পুনৰুদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছো ,য’ত লেখকসকলে মুক্ত ভাবে মত প্ৰকাশ কৰিব পাৰে। আটক, অনুসন্ধান, শাৰীৰিক আক্ৰমণ, বা প্ৰতিশোধৰ ভাবুকি অবিহনে ভিন্নমত বা সমালোচনামূলক দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰে।” পত্ৰ খনত স্বাক্ষৰ কৰা লেখকসকলৰ মতে মুক্ত অভিব্যক্তি হৈছে এক শক্তিশালী গণতন্ত্ৰৰ আধাৰশিলা। এই মূল অধিকাৰক দুৰ্বল কৰি পেলালে আন সকলো অধিকাৰ বিপদাপন্ন হৈ পৰিব বুলি তেওঁলোকে মন্তব্য কৰে।

উল্লেখ্য ইয়াৰ আগতে পেন আমেৰিকাই ইয়াৰ ফ্ৰীডম টু ৰাইট ইণ্ডেক্স ২০২১-ত ভাৰতক একমাত্ৰ “নামমাত্ৰ গণতান্ত্ৰিক দেশ” হিচাপে উল্লেখ কৰিছিল।পত্ৰখনত এলগাৰ পৰিষদ গোচৰৰ সন্দৰ্ভত লেখকসকলক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰা হৈছে। চৰকাৰে বন্দী কৰা কবি ভাৰাভাৰা ৰাও (যাক শেহতীয়াকৈ জামিন দিয়া হৈছে)ৰ কথাও বিশেষভাবে উল্লেখ কৰা হৈছে। লেখকসকলে লগতে অভিযোগ কৰে যে ন্যায়পালিকাক কেৱল কৰ্তৃপক্ষই অপব্যৱহাৰ কৰি আহিছে। পত্ৰ খনত স্বাক্ষৰকাৰীসকলে উল্লেখ কৰিছিল যে লেখক আৰু বুদ্ধিজীৱীসকলক “তেওঁলোকৰ মুক্ত বাক স্বাধীনতা নিয়ন্ত্ৰণ ৰখাৰ উদ্দেশ্যে গ্ৰেপ্তাৰ, গোচৰ আৰু ভ্ৰমণ নিষেধাজ্ঞাৰ দৰে পন্থা গ্ৰহণ কৰা হৈছে”।

প্ৰসিদ্ধ লেখক অমিতাভ ঘোষ, পেৰুমল মুৰুগান, অৰহান পামুক, জেৰী পিণ্টো, সলিল ত্ৰিপাঠী, আতিশ তাছিৰ আৰু শোভা দেৰ লগতে আন বহু কেইগৰাকী প্ৰখ্যাত লেখকে পত্ৰ খনত স্বাক্ষৰ কৰিছে।পত্ৰখনত মহম্মদ জুবেইৰ, ছিদ্দিক কাপ্পান, তিস্তা চেতলৱাড়, অবিনাশ দাসৰ লগতে আন বহু ধৰি লেখক, স্তম্ভলেখক, সম্পাদক, সাংবাদিক আৰু শিল্পীসকলৰ ওপৰত হোৱা “অত্যাচাৰ”ৰ তীব্ৰ প্ৰতিবাদ জনোৱা হৈছে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd