NORTHEAST NOW (Assamese)

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

May 21, 2022 9:14 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: May 21, 2022 9:17 pm
প্ৰতিনিধিত্বমূলক ছবি

বিগত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ,আই নদী আৰু মানাহ নদীৰ জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি হৈ আছে।

এই নদীসমূহেৰে সাধাৰণ নাও বা যন্ত্ৰচালিত নাওৰে সদায় বিভিন্ন ঠাইলৈ বহু লোকে অহা-যোৱা কৰে।

নিৰ্দেশনাৰ পিডিএফৰ বাবে চাওঁক Restrictions of Boats

নদীসমূহৰ ক্ৰমশঃ বৰ্ধিত জলপৃষ্ঠৰে সাধাৰণ নাও বা যন্ত্ৰচালিত নাওৰে যাতায়ত কৰাৰ ফলত নাও দুৰ্ঘটনা হৈ মানুহৰ জীৱন আৰু সম্পত্তি হানি হোৱাৰ আশংকা কৰি বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ ৩৪নং ধাৰাৰ দফা (বি),(চি) আৰু (এম) অনুসৰি বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত সাধাৰণ নাও আৰু যন্ত্ৰচালিত নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ হ’ব আৰু পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব।

 

Related News