• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2022 9:03 pm
Mentally Ill Man Thrashed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৱধান! আপুনি যদি ঘৰৰ পৰা ক’ৰবালৈ ওলাই গৈছে সাৱধান হওক। লগত ৰাখক আধাৰ কাৰ্ড, পান কাৰ্ড অথবা অন্য কোনো পৰিচয় পত্ৰ। নহ’লে আপোনাৰ ব্যক্তিগত ধৰ্মীয় পৰিচয় বিচাৰি আপোনাক যাত্ৰা পথতে কোনোবাই আক্ৰমণ কৰিব পাৰে।

হয়, আচৰিত যেন লাগিলেও এনে এটা পৰিৱেশ এতিয়া দেশত গঢ় লৈ উঠিছে। এক কথাত এনে এটা পৰিৱেশ গঢ়ি তুলিছে একাংশ গোড়া ধৰ্মান্ধ লোকে। দেশৰ বৰ্তমানৰ ৰাজনৈতিক বাতাৱৰণেও এই পৰিৱেশ সৃষ্টিত উদগনি যোগাইছে। লাভ কৰিছে শাসকীয় দলৰ পৃষ্ঠপোষকতা।

Apply Now

মধ্য প্ৰদেশত মানসিক ৰোগত আক্ৰান্ত এজন নিৰুদ্দেশ ৬৫ বছৰীয়া বৃদ্ধক এগৰাকী ব্যক্তিয়ে “নাম কি তোৰ? মহম্মদ নেকি?” বুলি প্ৰশ্ন কৰি বাৰে বাৰে শাৰীৰিকভাৱে অপদস্থ কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে।

ব্যক্তিজনৰ এই আক্ৰমণত ব্যতিব্যস্ত হৈ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভুক্তভোগী বৃদ্ধ লোকজনে জেপৰ পৰা কিছু টকা উলিয়াই আক্ৰমণকাৰী ব্যক্তিজনক আগবঢ়ায়। কিন্তু ইয়াৰ পাছতো আক্ৰমণকাৰীজনে বাৰে বাৰে বৃদ্ধ ব্যক্তিজনক তীব্ৰ জোৰেৰে এটাৰ পিছত আন এটা চৰ শোধায়।

উল্লেখ্য যে আক্ৰমণকাৰী ব্যক্তিজনক ইতিমধ্যে দিনেশ কুশৱাহা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে কুশৱাহা এজন প্ৰাক্তন বিজেপি কৰ্পোৰেটৰৰ স্বামী।

 

A murder case has been registered in after a 65-year-old with mental illness was found dead and a video showed Dinesh Kushwaha, husband of an ex BJP corporator asking him if his “name is Mohammed” and repeatedly assaulting him as he struggled to answer @ndtv @ndtvindia pic.twitter.com/jWNDlLKpFb

— Anurag Dwary (@Anurag_Dwary) May 21, 2022

আনহাতে ভিডিঅ’টোত আক্ৰমণৰ সন্মুখীন হোৱা বৃদ্ধ লোকজনক শুকুৰবাৰে মৃত অৱস্থাত নীমুচ জিলাৰ এটা পথৰ কাষত উদ্ধাৰ কৰাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত ব্যক্তিজনক ৰটলাম জিলাৰ ভানৱাৰলাল জৈন বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে ভানৱাৰলাল জৈন ৰাজস্থানৰ এটা ধৰ্মীয় অনুষ্ঠান পৰিদৰ্শন কৰাৰ পিছত ১৫ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল। শুকুৰবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত আৰক্ষীয়ে তেওঁৰ পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰে।

আনহাতে মৃত ব্যক্তিজনৰ পৰিয়ালটোৱে সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ বিষয়ে জানিব পাৰি আৰক্ষীৰ কাষ চাপে আৰু আক্ৰমণকাৰী কুশৱাহাক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

এই দাবীৰ পিছতে নীমচু জিলা আৰক্ষী চকীত অভিযুক্ত কুশৱাহাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয়। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে কুশৱাহা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd