• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ ফলে দিব পৰা সম্ভাৱনা : মূৰ দাঙি থাকিব নে হিমন্তৰ কটাক্ষ দৈনিক মূৰ পাতি ল’ব?

দুৰ্লভ গগৈ দুৰ্লভ গগৈ
গুৱাহাটী , December 7, 2018 6:25 pm

2 min read

himanta biswa sarma with atul bora

অতুল বৰাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ফাইল ছবি।

346
VIEWS
Share on FacebookShare on Twitter

অহা ১২ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ লগে লগে কোনে কোন পঞ্চায়ত কোন দলে কি অংকৰে দখল কৰে সেইটোতকৈ আন এটা কথাহে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব। কথাটো হ’ল অগপ দলটোৱে কিমান ভোট বা আসন পালে? এই প্ৰশ্নৰ ওপৰতে আগন্তুক পৰৱৰ্তী নিৰ্বাচনবোৰকে ধৰি অগপ দলটোৰ সামগ্ৰিক ৰাজনৈতিক ভৱিষ্যতৰ এটা মোটামুটি ছবি নিৰ্ভৰ কৰিব বুলি ক’ব পাৰি।

যদি অগপই আশা কৰা ধৰণৰ বা তাতকৈ ভাল ফল আনিবলৈ সক্ষম হয়, তেতিয়া মিত্ৰ দলটোৰ ওচৰত আগতকৈ বুকু ফুলাই কথা ক’ব পাৰিব বা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আগতকৈ বেছি দৃঢ়তা দেখুৱাব পাৰিব। যদি তেনেই হয়, সি দলটোৰ লগতে নিঃসন্দেহে অসমীয়া জনগণৰ বাবেও লাভদায়ক হ’ব।

কিন্তু এইটো প্ৰশ্নও সমানেই গুৰুত্বপূৰ্ণ যে যদি অগপই প্ৰত্যাশিত ফল নাপায়, তেতিয়া কি হ’ব? মিত্ৰ দলটোৰ আগত অগপই মূৰ দাঙি কথা ক’ব পৰা সাহসকণ ৰ’বগৈ নে? তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, খুব সম্ভৱ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষৰ চোক বাঢ়ি যাব আৰু অগপ হ’ব মন্ত্ৰীজনৰ ৰুচিহীন বিদ্ৰূপবোৰৰ নৈমিত্তিক উপাদান।

মন কৰিব পাৰি যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপ দলটোক উপৰ্য্যুপৰি কটাক্ষ কৰি আহিছে। আনকি কংগ্ৰেছেও অগপক সিমান চোকা সমালোচনাৰে থকাসৰকা কৰা নাই, যিমান কৰিছে মিত্ৰতাৰ চৰকাৰখনৰ মন্ত্ৰী হিমন্তই।

গতিকে এইটো সহজেই অনুমেয় যে পঞ্চায়ত নিৰ্বাচনৰ ফল অগপৰ বাবে এটা মাইলৰ খুঁটি স্বৰূপ। যদিও পঞ্চায়ত দখল কৰাটো সিমান গুৰুত্বপূৰ্ণ নহয়, এই নিৰ্বাচনৰ ফলেই দলটোৰ ৰাজনৈতিক ভৱিষ্যতৰ ছবি নিৰ্ণয় কৰিব।

যদি পঞ্চায়ত নিৰ্বাচনত অগপই সন্তোষজনক ফল এটা লাভ কৰিব নোৱাৰে, পৰৱৰ্তী নিৰ্বাচন এটাৰ জৰিয়তে পুনৰ মূৰ দাঙি নুঠালৈকে মিত্ৰ দল বিজেপিৰ ওচৰত চকু তুলি কথা ক’ব নোৱাৰিব দলটোৱে। আনহাতে যদি অভাৱনীয় ভাল ফল লাভ কৰে তেওঁলোকে লোকসভা নিৰ্বাচনৰ বাবে অকলে যুঁজাৰ টঙালি বন্ধাৰ সাহসকণো তাৰ পৰাই গোটাব পাৰে। দলৰ নেতৃত্ব দুয়োটা কথাৰ বাবে সাজু থাকিব লাগিব।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd